খালী বিধানসভাৰ ৪ আখন : ন-পুৰণি বিজেপিৰ মাজত তয়াময়া ৰণ!

দলৰ পৰা পোৱা খবৰ মতে ৰঙাপাৰা, সোণাৰি, জনিয়া আৰু ৰাতাবাৰীত হ'বলগীয়া উপ–নিৰ্বাচনত এইপৰ্যন্ত শতাধিক প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে৷

News18-Assam
Updated:August 25, 2019, 9:20 PM IST
খালী বিধানসভাৰ ৪ আখন : ন-পুৰণি বিজেপিৰ মাজত তয়াময়া ৰণ!
দলৰ পৰা পোৱা খবৰ মতে ৰঙাপাৰা, সোণাৰি, জনিয়া আৰু ৰাতাবাৰীত হ'বলগীয়া উপ–নিৰ্বাচনত এইপৰ্যন্ত শতাধিক প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে৷
News18-Assam
Updated: August 25, 2019, 9:20 PM IST
বিজু কুমাৰ ডেকা : খালী হৈ আছে বিধান সভাৰ চাৰিখন আসন৷ বিগত সাধাৰণ নিৰ্বাচনৰ পিছৰে পৰা খালী হৈ থকা আসন কেইখনত এতিয়া বহিব কোন? বিৰোধী কংগ্ৰেছ, এ আই ইউ ডি এফ বা শাসকীয় গোটৰ সদস্য অসম গণ পৰিষদ, বিপিএফৰ কথা এই সময়ত বিশেষকৈ চৰ্চা হোৱা নাই৷ কাৰণ এটাই - সাধাৰণ নিৰ্বাচনত বিজেপিৰ অভাৱনীয় উত্থান৷ নৰেন্দ্ৰ মোদীৰ চমৎকাৰ৷

ৰঙাপৰাৰ পৰা পল্লৱলোচন দাস, সোণাৰিৰ পৰা তপন কুমাৰ গগৈ, জনিয়াৰ পৰা আব্দুল খালেক আৰু ৰাতাবাৰী বিধান সভা সমষ্টি পৰা ২০১৬ত কৃপানাথ মাল্লা জয়ী হৈ আহিছিল৷ বিগত সাধাৰণ নিৰ্বাচনত আটাইকেইজন নিৰ্বাচিত হৈ লোকসভা লৈ গ'ল৷ এই চাৰিজনৰ মাত্ৰ এজনেই কংগ্ৰেছৰ - আব্দুল খালেক৷ বাকীসকল বিজেপিৰ৷

চাৰি বিধান সভা সমষ্টিত হ'বলগীয়া উপ–নিৰ্বাচনত কোনে কোনে পাব প্ৰাৰ্থিত্ব? ন-বিজেপি নে পুৰণি বিজেপিয়ে পাব টিকট? এই লৈ চলিছে চৰ্চা৷ ইয়াৰ মাজতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দেওবাৰে দিলে এক সমিধান৷

বিজেপিৰ এতিয়া জয়জয়-ময়ময়ৰ দিন৷ এই জয়জয়-ময়ময়ৰ দিনত বিভিন্ন দলৰ পৰা বিজেপিলৈ আগমন ঘটিছে বহু নেতা, পালিনেতাৰ৷ কংগ্ৰেছেই কওক বা অগপই কওক বা ছাত্ৰ নেতাই কওক - হোৰাহোৰে বিজেপিত যোগ দিছে নেতাই৷ এতিয়া কথা হ'ল, আহি থকা উপ–নিৰ্বাচন৷ আহি থকা অসম বিধানসভাৰ চাৰিটা সমষ্টিৰ উপ–নিৰ্বাচনত কোনে পাব গুৰুত্ব?
ন-বিজেপিৰ দাম আছেনে দলত?

এই সন্দৰ্ভত প্ৰশ্ন কৰা হ'ল জেষ্ঠ বিজেপি নেতা তথা বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক৷ শুক্লবৈদ্যই পোনপটীয়া প্ৰশ্নত উত্তৰো দিলে পোনপটীয়াকৈ - “বিজেপিত কাম চাই মতলব৷ যি কাম কৰিব, তাৰেই মূল্য আছে দলত৷ ইয়াত নতুন বা পুৰণি বুলি কোনো কথা নাই ৷”

“যিয়ে ভাল কাম কৰিব, সিয়েই পাব গুৰুত্ব৷ আগন্তুক উপ–নিৰ্বাচনতো তেনেকৈয়ে পাব প্ৰাৰ্থিত্ব৷ মণ্ডল সমিতিয়ে প্ৰাৰ্থীৰ গুণাগুণ চাই প্ৰতিবেদন দিব ৰাজ্যিক সমিটীক৷ ৰাজ্যিক সমিটীৰ নিৰ্বাচন সমিতিয়ে ইয়াক পৰ্যালোচনা কৰি কেন্দ্ৰীয় সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব৷ সংসদীয় সমিতিয়ে সকলো পৰ্যবেক্ষণ কৰি প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব৷ এয়াই হ'ল বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনৰ নিয়ম৷ ইয়াত ন-পুৰণিৰ কথা নাই”- দেওবাৰে এনেদৰেই NEWS18ক ক'লে জেষ্ঠ বিজেপি নেতা তথা বনমন্ত্ৰী শুক্লবৈদ্যই৷

দলৰ পৰা পোৱা খবৰ মতে ৰঙাপাৰা, সোণাৰি, জনিয়া আৰু ৰাতাবাৰীত হ'বলগীয়া উপ–নিৰ্বাচনত এইপৰ্যন্ত শতাধিক প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে৷ কিন্তু কোনে পাব টিকট, তাক এতিয়াই ক'ব নোৱাৰি৷
আৰু চাওক পৰৱৰ্তী বাতৰি