পুনৰ মিজোৰামে আগ্ৰাসন চলালে আকৌ হ'ব অৰ্থনৈতিক অৱৰোধ, এই মন্তব্য মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। আজি হাইলাকান্দিত এই মন্তব্য আগবঢ়ায় মন্ত্ৰী শুক্লবৈদ্যই। তেওঁ কয়– "মিজোৰামৰ দখলকৃত অসমৰ ভূমি উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰে শান্তি আলোচনাত অংশ লৈছে। আকৌ যদি মিজোৰামে আগ্ৰাসন চলাই, আকৌ কৰা হ'ব অৰ্থনৈতিক অৱৰোধ।"
হাইলাকান্দি জিলাৰ অসম–মিজোৰাম আন্ত:ৰাজ্য সীমান্ত আৰু তাত চলা অৰ্থনৈতিক অৱৰোধৰ পৰিস্থিতিৰ বুজ ল'বলৈ আজি হাইলাকান্দিত উপস্হিত হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য। হাইলাকান্দিত উপস্হিত হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাৰ সকলো বিভাগৰ মুৰব্বী আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এখন সভাত মিলিত হয় মন্ত্ৰী শুক্লবৈদ্য।
পিছতে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়– 'কালি কাছাৰ জিলাৰ লাইলাপুৰৰ অৰ্থনৈতিক অৱৰোধ মুক্ত কৰা হৈছে। আৰু আজি হাইলাকান্দি জিলাত যি ৰে'লৱে লাইন উচ্ছেদ কৰা হৈছিল, তাৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।' সভাত উপস্হিত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাক্ৰমে এই সিদ্ধান্ত লোৱা হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী শুক্লবৈদ্যই।
উল্লেখ্য, দীৰ্ঘদিনৰ পৰা মিজোৰামে অসমৰ ভূমি বেদখল কৰা তথা অসমৰ ৬ গৰাকী আৰক্ষী জোৱানক হত্য কৰাৰ পিছত কিয় অসমৰ প্ৰতিনিধি মিজোৰাম গ'ল বুলি প্ৰশ্ন কৰাত মন্ত্ৰী শুক্লবৈদ্যৰ মন্তব্য, 'একাংশ "ঘাতক" মিজো আৰক্ষীৰ বাবে অসমৰ ৬ গৰাকী জোৱান শ্বহীদ হৈছে । আৰু ইয়াৰ ন্যায় বিচাৰৰ বাবে আমি য'ত যাব লগা হয় তাতে যাম।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|