• Home
  • »
  • News
  • »
  • assam
  • »
  • Brajanath Sarma : বৰপেটাৰ শিলা গাঁৱত স্বাধীনতা সংগ্ৰামী, শিল্পী ব্ৰজনাথ শৰ্মাৰ স্মৃতিচাৰণ সভাত মন্ত্ৰী নন্দিতা গাৰ্লোছা

Brajanath Sarma : বৰপেটাৰ শিলা গাঁৱত স্বাধীনতা সংগ্ৰামী, শিল্পী ব্ৰজনাথ শৰ্মাৰ স্মৃতিচাৰণ সভাত মন্ত্ৰী নন্দিতা গাৰ্লোছা

জন্মগাঁও শিলাত ব্ৰজনাথ শৰ্মাৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে স্থানীয় ৰাইজে জনোৱা দাবী বিবেচনা কৰিবলৈ চৰকাৰলৈ আহ্বান

জন্মগাঁও শিলাত ব্ৰজনাথ শৰ্মাৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে স্থানীয় ৰাইজে জনোৱা দাবী বিবেচনা কৰিবলৈ চৰকাৰলৈ আহ্বান

জন্মগাঁও শিলাত ব্ৰজনাথ শৰ্মাৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে স্থানীয় ৰাইজে জনোৱা দাবী বিবেচনা কৰিবলৈ চৰকাৰলৈ আহ্বান

  • Share this:
ব্ৰিটিছ বিৰোধী সংগ্ৰামত অংশ লৈ ব্ৰিটিছৰ বিমান ঘাটিত অগ্নিসংযোগ কৰি দেশৰ স্বাধীনতাৰ বাবে মৰণপণ কৰা বীৰ সেনানী তথা অসমত সহঃ অভিনয়ৰ বাটকটীয়া সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ প্ৰতি সন্মান জনাই  আজি শিলা গাঁওত বৰপেটা জিলা প্ৰশাসনে অনুষ্ঠিত কৰে স্মৃতিচাৰণ সভা ৷

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত শিলাৰ দামোদৰ শৰ্মা মজলীয়া বিদ্যালয়ত অনুষ্ঠিত স্মৃতিচাৰণ সভাত মন্ত্ৰী নন্দিতা গাৰ্লোছা, ব্ৰজনাথ শৰ্মাৰ পুত্ৰ, স্থানীয় ৰাইজৰ লগতে বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷ স্মৃতিচাৰণ সভাত অংশ লৈ ব্ৰজনাথ শৰ্মাৰ পুত্ৰ অৰুণ শৰ্মাই পিতৃৰ স্মৃতি সুঁৱৰি গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ বাৰান্দাত বিনা চিকিৎসাই পিতৃয়ে মৃত্যুবৰণ কৰিব লগা হোৱাৰ কথা উল্লেখ কৰে যদিও বৰ্তমান সমাজ আৰু চৰকাৰে ব্ৰজনাথ শৰ্মাক যথোচিত মৰ্যাদা প্ৰদান কৰা বুলি তেওঁ মন্তব্য কৰে ৷

তেওঁ পিতৃৰ জন্মগাঁও শিলাত ব্ৰজনাথ শৰ্মাৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে স্থানীয় ৰাইজে জনোৱা দাবী বিবেচনা কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ৷

উল্লেখ্য যে আজিৰ এই সময়তো জাত–পাতক লৈ যেতিয়া সমাজখনত বিশৃংখল পৰিবেশৰ সৃষ্টি হৈছে আজিৰ পৰা অৰ্ধ শতক বছৰ পূৰ্বেই ব্ৰজনাথ শৰ্মাৰ  দৰে এগৰাকী উচ্চবৰ্ণৰ ব্ৰাহ্মণে অসমত নাট্য আন্দোলনক ন–গতি প্ৰদানৰ লগতে অসমত মহিলা শিল্পীক লৈ নাটকত সহঃ অভিনয়ৰ পাতনি মেলিছিল।

এখন জাতপাতহীন, বৰ্ণভেদহীন সমাজৰ বাবে সৰ্বোচ্চ ত্যাগেৰে অসম আৰু অসমীয়া জাতিক সমৃদ্ধ কৰা সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ স্মৃতিচাৰণ সভাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই অংশগ্ৰহণ শ্ৰদ্ধা নিবেদন কৰে।
Published by:Gautam Barman
First published: