‘গ্ৰামোন্নয়ন বিভাগ ফেইল, সকলো মুখ্যমন্ত্ৰীক অৱগত কৰিম’-মন্ত্ৰী নৱ দলে আৰু বিধায়ক শিলাদিত্য দেৱৰ মাজত সংঘাত তুংগত

ক্ৰমাত্ দুৰত্ব বৃদ্ধি পাইছে বিধায়ক শিলাদিত্য দেৱ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ মাজত।
ক্ৰমাত্ দুৰত্ব বৃদ্ধি পাইছে বিধায়ক শিলাদিত্য দেৱ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ মাজত।
- News18 Assam
- Last Updated: May 15, 2020, 4:54 PM IST
বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে কয় যে, ‘হোজাইত গ্ৰামোন্নয়ন বিভাগত সৰ্বাধিক দুৰ্নীতি হৈছে। এখন আঁচনি চাৰিবাৰকৈ ধৰা হৈছে কিন্তু এচপৰাও মাটি পৰা নাই। কাম নকৰাকৈ জবকাৰ্ডৰ টকা পাইছে। এয়া কি দুৰ্নীতি নহয় নেকি? ইয়াৰ উচিত তদন্ত হ’ব নালাগে নেকি?এই দুৰ্নীতি বোৰ মন্ত্ৰী ওচৰত উত্থাপন কৰিম বুলি ভাবিছিলো যদিও মোক নামাতিলে। মোক মন্ত্ৰীয়ে ফোন কৰা নাই মইহে কৰিছিলো। সভাত যদি নামাতে আমি ক’ত কম এই দুৰ্নীতিবোৰৰ বিষয়ে?
বিধায়ক শিলাদিত্যই লগতে কয় যে,‘সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰিম। গ্ৰামোন্নয়ন বিভাগ সম্পূৰ্ণ ফেইল। হোজাইত চলা দুৰ্নীতি সন্দৰ্ভত মন্ত্ৰীয়ে হয়তো গমেই নাপায়।গুৱাহাটীৰ পৰা ফোন কৰি হোজাই চলাব বিচাৰিছে।’