১৫ দিনত মজুৰি লাভ কৰিব জব কাৰ্ড থকা শ্ৰমিকে, চাৰি মন্ত্ৰী সহ ১৩ জন বিধায়কৰ বৈঠক

News18 Assam | News18-Assam
Updated:May 23, 2020, 11:24 AM IST
১৫ দিনত মজুৰি লাভ কৰিব জব কাৰ্ড থকা শ্ৰমিকে, চাৰি মন্ত্ৰী সহ ১৩ জন বিধায়কৰ বৈঠক
জৱ কাৰ্ডৰ শ্ৰমিকে এতিয়াৰে পৰা পোন্ধৰ দিনত লাভ কৰিব নিজৰ দৈনিক মজুৰি

জৱ কাৰ্ডৰ শ্ৰমিকে এতিয়াৰে পৰা পোন্ধৰ দিনত লাভ কৰিব নিজৰ দৈনিক মজুৰি

  • Share this:
জৱ কাৰ্ডৰ শ্ৰমিকে এতিয়াৰে পৰা পোন্ধৰ দিনত লাভ কৰিব নিজৰ দৈনিক মজুৰি। শ্ৰমিকৰ দৈনন্দিন মজুৰিৰ নিৰিখ ২১৩ টকালৈ বৃদ্ধি কৰে চৰকাৰে। কোৰোণা ভাইৰাছৰ সময়ত ৰাজ্যৰ বাহিৰৰ পৰা অসমলৈ উভতি অহা শ্ৰমিক সকলকো চৰকাৰে দিব জব কাৰ্ডৰ সুবিধা।

গুৱাহাটীৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্তৰ কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত লয় ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে। বিটিএডিৰ তিনি জিলা ক্ৰমে ওডালগুৰি, চিৰাং আৰু কোকৰাঝাৰ জিলা সামৰি অনুষ্ঠিত হয় এই বৈঠক। বৈঠকত চাৰিগৰাকী মন্ত্ৰী ক্ৰমে নৱ কুমাৰ দলে, ৰিহন দৈমাৰী, চন্দন ব্ৰহ্ম আৰু ভৱেশ কলিতাৰ উপৰি তিনিওখন জিলাৰ বিধায়ক সকল উপস্থিত আছিল।

অসম জিবিকা মিছনে ৬৫ লাখ মাস্ক তৈয়াৰ কৰিছে, যিখিনি মাস্ক বিক্ৰী কৰি বিভাগটোৱে লাভ কৰিছে ৮ কোটি টকা। সংবাদ মেলত এই কথা জনালে বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading