দুলীয়াজানত নিষিদ্ধ হ’ল মন্ত্ৰী–বিধায়কৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও সংগীত শিল্পী, অভিনেতা–অভিনেত্ৰী

News18 Assam | News18-Assam
Updated:January 7, 2020, 11:13 AM IST
দুলীয়াজানত নিষিদ্ধ হ’ল মন্ত্ৰী–বিধায়কৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও সংগীত শিল্পী, অভিনেতা–অভিনেত্ৰী
দুলীয়াজানত অসম চৰকাৰৰ যিকোনো মন্ত্ৰী তথা বিজেপিৰ বিধায়ক-সাংসদৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সংগঠনকেইটাই।

দুলীয়াজানত অসম চৰকাৰৰ যিকোনো মন্ত্ৰী তথা বিজেপিৰ বিধায়ক-সাংসদৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সংগঠনকেইটাই।

  • Share this:
দুলীয়াজানত নিষিদ্ধ হ’ল মন্ত্ৰী–বিধায়কৰ লগতে ৰাজ্যৰ কেইবাগৰাকী জনপ্ৰিয় সংগীত শিল্পী আৰু অভিনেতা–অভিনেত্ৰী। আনহাতে, ৭ দিনৰ ভিতৰত দুলীয়াজানৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰ নকৰিলে নিজাকৈ ব্যৱস্থা ল’ব আছুকে ধৰি ৩০ সংগঠনে।

উল্লেখযোগ্য যে যিসময়ত CAA বিৰোধী আন্দোলনত জুবিন গাৰ্গ, মানস ৰবীন, বিপিন চাউদাং, মহেন্দ্ৰ হাজৰিকা আদিকে ধৰি ৰাজ্যৰ বহু শিল্পীৰ লগতে অভিনেতা–অভিনেত্ৰীয়ে জঁপিয়াই পৰিছে, তেনে সময়ত একাংশ শিল্পীয়ে নীৰৱ ভূমিকা পালন কৰি আহিছে। সেয়েহে এই শিল্পীসকলক সকীয়নি প্ৰদান কৰিছে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৩০টাকৈ জাতীয়–জনগোষ্ঠীয় সংগঠনে।

এক সংবাদমেলৰ জৰিয়তে সংগঠনকেইটাই আগন্তুক বিহু মঞ্চত কৃষ্ণমণি চুতীয়া, পবিত্ৰ মাৰ্ঘেৰিটা, গায়ত্ৰী মহন্ত, দেৱজিৎ সাহা, আকাশদ্বীপ, আইমী বৰুৱাকে ধৰি যিসকল শিল্পীয়ে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতি মৌন সমৰ্থন আগবঢ়াই আহিছে, তেওঁলোকক বৰ্জন কৰিবলৈ আহ্বান জনায়।

ইফালে দুলীয়াজানত অসম চৰকাৰৰ যিকোনো মন্ত্ৰী তথা বিজেপিৰ বিধায়ক-সাংসদৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সংগঠনকেইটাই। তদুপৰি দুলীয়াজানৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান, বিদ্যালয়-মহাবিদ্যালয়, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ কাৰ্যালয় আদিত মৰ্যাদা সহকাৰে অসমীয়া ভাষাৰ ব্যৱহাৰ কৰাৰ লগতে ৰাজহুৱা স্থানত সকলো ভাষা-ভাষীৰ লোককে অসমীয়া ভাষাত বাৰ্তালাপ কৰিবলৈ দাবী জনাইছে। অন্যথা সংগঠনকেইটাই নিজাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অসমীয়া ভাষা ব্যৱহাৰ নকৰা নাম ফলকসমূহত ক’লা ৰং সানি দিব বুলি স্পষ্ট কৰি দিছে।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি