২০২৬ চনৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ, নগাঁও আৰু বৰপেটা লোকসভা সমষ্টি উদ্ধাৰৰ দায়িত্ব পোৱাৰ পাছতেই আজি বোকাখাতত বিজেপি দলৰ হৈ জাহাজ আৰু বন্দৰ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পাছতেই কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰণশিঙা বজালে। বোকাখাতৰ কেন্দ্ৰীয় বিহুতলীত প্ৰথমখন হিতাধিকাৰী সন্মিলনত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
সভাত অংশ লৈ মন্ত্ৰী ৰিজিজুৱে হিতাধিকাৰীৰ লগত বাৰ্তালাপ কৰাৰ লগতে হিতাধিকাৰীক ভোটলৈ ৰূপান্তৰিত কৰাৰো প্ৰচেষ্টাৰে ভাষণ ৰাখে। ৰিজিজুৱে সভাত উপস্থিত হিতাধিকাৰীসকলক যথেষ্ট সচেতন আৰু চৰকাৰৰ উন্নয়নমূলক আঁচনি সম্পৰ্কে অৱগত বুলি উল্লেখ কৰে। সাংবাদিকৰ লগত হোৱা কথা বতৰাত মন্ত্ৰীজনে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত উত্তৰ পূৰ্বাঞ্চল আৰু দিল্লীৰ মাজত দূৰত্ব কমি গৈ অঞ্চলটোৰ উন্নয়ন হৈছে বুলি মন্তব্য কৰে। লগতে মোডীয়ে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ মুকলি কৰি উন্নয়নৰ দুৱাৰ মুকলি কৰিছে বুলিও উল্লেখ কৰে।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অহা লোকসভা নিৰ্বাচনত অসমৰ আটাইবোৰ সমষ্টিতে বিজেপি সাংসদ জয়ী কৰাব বুলি মন্তব্য কৰে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো লোকসভা সমষ্টিতে বিজেপিক জয়ী কৰাবৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এইক্ষেত্ৰত তেওঁ আৰু সৰ্বানন্দ সোণোৱালে সহায় কৰি সমষ্টি উদ্ধাৰ কৰিব বুলিও উল্লেখ কৰে।
পৰৱৰ্তী সময়ত শ্ৰীশ্ৰী সত্যনাৰায়ণ সেৱা সদনত ৰিজুজুৱে বোকাখাতৰ বিশিষ্ট নাগৰিক, ব্যৱসায়ীসকলৰ লগত এখন সভাত মিলিত হয়। ইয়াৰ পাছতে মহকুমাধিপতি কাৰ্যালয়ত প্ৰশাসনীয় বিষয়াৰ সৈতে দ্বিতীয় সভাত অংশ লয়৷ আইন মন্ত্ৰীজনে মহকুমাধিপতি কাৰ্যালয় চৌহদত থকা শ্বহীদ কমলা মিৰি, মুকুন্দ কাকতি আৰু কনকলতাৰ মূৰ্তিত মাল্যাৰ্পণ কৰে। বোকাখাত মণ্ডল আৰু মহুৰা মণ্ডলৰ বিজেপিৰ নেতৃবৰ্গৰ সৈতে তৃতীয় সভাত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সভাত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে তৰুণ গগৈৰ পৰিয়ালক ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে বুলিও মন্তব্য কৰে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|