• Home
  • »
  • News
  • »
  • assam
  • »
  • আইআইটি গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত 'জনজাতি সবলীকৰণত বিজ্ঞান আৰু প্ৰযুক্তি' শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত

আইআইটি গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত 'জনজাতি সবলীকৰণত বিজ্ঞান আৰু প্ৰযুক্তি' শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ যৌথ উদ্যোগত এই সন্মিলন

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ যৌথ উদ্যোগত এই সন্মিলন

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ যৌথ উদ্যোগত এই সন্মিলন

  • Share this:
অহা ১৫ নৱেম্বৰৰ 'জনজাতীয় গৌৰৱ দিৱস'ৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ যৌথ উদ্যোগত আইআইটি গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত কৰা 'জনজাতি সবলীকৰণত বিজ্ঞান আৰু প্ৰযুক্তি' শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনৰ শনিবাৰৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। নৱেম্বৰত ভগৱান বীৰছা মুণ্ডাৰ জন্ম জয়ন্তীত উদযাপিত 'জনজাতীয় গৌৰৱ দিৱস'ৰ প্ৰাক-ক্ষণত আয়োজিত এই ৰাষ্ট্ৰীয় সন্মিলনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত জনজাতীয় লোকসকলৰ সবলীকৰণৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে দেশৰ ৭ খন জনজাতি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল, ১৩ খন ৰাজ্যৰ পৰা অহা জনজাতীয় উদ্ভাৱক আৰু উদ্যমী, বিভিন্ন ৰাজ্যত জনজাতীয় লোকসকলৰ বিকাশৰ দিশত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা প্ৰায় ৪০০ গৰাকী সমাজকৰ্মীৰ লগতে গৱেষক-বিজ্ঞানীয়েও অংশগ্ৰহণ কৰা এই সন্মিলনখনৰ পৰা জনজাতীয় লোকসকলৰ উন্নয়নৰ গতি আৰু অধিক ত্বৰান্বিত কৰাৰ দিশত নতুন ধ্যান-ধাৰণাৰ উন্মেষ ঘটিব বুলি আমাৰ বিশ্বাস প্ৰকাশ কৰে।

সামৰণি অনুষ্ঠানত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব ড° এছ চন্দ্ৰশেখৰ, আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক ড° টি. জি. সীতাৰাম, ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উপদেষ্টা ড° দেৱপ্ৰিয়া দত্ত, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উপদেষ্টা ড° বিনীতা শ্ৰীবাস্তৱ, গুৱাহাটীৰ ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডী ইন ছাইন্স এণ্ড টেকন’লজিৰ সঞ্চালক ড৹ আশীষ কুমাৰ মুখাৰ্জী, অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অতিৰিক্ত সচিব তথা এছটেকৰ সঞ্চালিকা কিমনেই চাংচনেও অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, সন্মিলনখনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীও দৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। এই প্ৰদৰ্শনীত দেশৰ বিভিন্ন অংশত জনজাতীয় লোকসকলে বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত কৃষি, খাদ্য প্ৰসংস্কৰণ আদিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ উদ্ভাৱন কৰা যন্ত্ৰ-পাতি, মনোগ্ৰাহী সামগ্ৰী আদি প্ৰদৰ্শনীখনত উপস্থাপন কৰা হয়।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি