মুখ্যপৃষ্ঠা »খবৰ »অসম »কেতিয়া খুলিব আন্তঃজিলা যাতায়াত? ক’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই

কেতিয়া খুলিব আন্তঃজিলা যাতায়াত? ক’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই

আজি জি এম চি এইচত অসম–মিজোৰাম সীমান্তত আহত আৰক্ষীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

আজি জি এম চি এইচত অসম–মিজোৰাম সীমান্তত আহত আৰক্ষীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

আজি জি এম চি এইচত অসম–মিজোৰাম সীমান্তত আহত আৰক্ষীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

  • Share this:
পৰিৱেশ সুস্থিৰ হ’লেই খুলি দিয়া হ’ব আন্তঃজিলা যাতায়াত। এসপ্তাহৰ ভিতৰত খুলি দিয়া হ’ব পাৰে। পৰৱৰ্তী সপ্তাহত পৰিস্থিতি সাপেক্ষে হ’ব পাৰে সিদ্ধান্ত। কোভিড বিধিত আহিব শিথিলতা। অহা সপ্তাহত অসমত কোভিডৰ পৰিৱেশ সুস্থিৰ হ’ব। এই মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ।

আজি জি এম চি এইচত অসম–মিজোৰাম সীমান্তত আহত আৰক্ষীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। জি এম চি এইচত চিকিৎসাধীন হৈ থকা গোপেশ্বৰ সিনহা আৰু অচিৎ কান্তি দাসৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। দুয়োজনৰে ভৰিত গুলি লাগিছে। নগেন মেছ নামৰ আন এজন আৰক্ষী জোৱানক আজি ভৰ্তি কৰোৱা হ’ব জি এম চি এইচত। ইতিমধ্যে শিলচৰৰ পৰা এয়াৰ এম্বুলেঞ্চেৰে আনি থকা হৈছে জি এম চি এইচলৈ।

আনহাতে, আজি আন দুজন আহত আৰক্ষী জোৱানকো ভৰ্তি কৰোৱা হ’ব জি এম চি এইচত। এয়াৰ এম্বুলেঞ্চেৰে দীপাংকৰ বৰা আৰু ৰামজী চৌহানক লৈ অনা হ’ব জি এম চি এইচলৈ। মুঠ ৫জনক ভৰ্তি জি এম চি এইচত।

শেহতীয়া বাতৰি