ঐতিহ্যমণ্ডিত কলিয়াবৰক এক নতুন ৰূপত তুলি ধৰিবলৈ কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিশেষ পদক্ষেপ। কলিয়াবৰ ইতিহাসৰ শৌৰ্যৰ প্ৰতীক, বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ধৰ্মাৱলম্বীৰ বাসস্থান। কলিয়াবৰক সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰূপে দাঙি ধৰাৰ প্ৰয়াস কলিয়াবৰ মহকুমা প্ৰশাসনৰ।
আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কলিয়াবৰত মুকলি কৰা হ'ল আই লাভ কলিয়াবৰ শীৰ্ষক গ্ল'-ছাইন। শনিবাৰে নিশা বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰৰ কুঁৱৰীটোলত আনুষ্ঠানিকভাৱে মুকলি কৰে এই গ্ল'-ছাইন। কলিয়াবৰৰ মধ্যস্থল কুঁৱৰীটোলৰ ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বগাজন সত্ৰৰ প্ৰাংগণত দেখিবলৈ পাব এই গ্ল'-ছাইন।
স্বাধীনতাৰ অমৃত মহোৎসৱৰ গৌৰৱোজ্বল সন্ধিক্ষণত কলিয়াবৰৰ কুঁৱৰীটোলত কলিয়াবৰ মহকুমা প্ৰশাসনে "I LOVE KALIABOR শীৰ্ষক গ্ল’–ছাইনৰ লগতে আটকধুনীয়া ভাস্কৰ্যৰে সজাই তুলিছে বগাজন সত্ৰৰ দেৱাল। অনুষ্ঠানতে কলিয়াবৰৰ উন্নয়নমূলক কাম–কাজৰ খতিয়ান সন্নিৱিষ্ট "Repository of Governance" নামৰ পুস্তিকা এখনৰো উন্মোচন কৰে মন্ত্ৰী কেশৱ মহন্তই।
অনুষ্ঠানত কলিয়াবৰৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাস, নিৰ্বাচনী বিষয়া ভূপালী কাশ্যপ, সহকাৰী আয়ুক্তদ্বয় তৰংগজিৎ বৰুৱা আৰু তৃষ্ণা মিপুন, সংলগ্ন চক্ৰ বিষয়া ৰাজনিশান শৰ্মা, বগাজন সত্ৰৰ সত্ৰাধিকাৰ কৈলাস গোস্বামীৰ লগতে মহকুমা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|