সাংবাদিকৰে হোৱা এক বাৰ্তালাপত তেওঁ কয় - স্বাভাৱিকতে বাৰিষা আহিলেহে জলসম্পদ বিভাগে সাৰ পাই বুলি এক অভিযোগ দীৰ্ঘদিনৰে পৰাই শুনিবলৈ পোৱা যায়। কিন্তু এতিয়া আৰু সেই অভিযোগ শুনিব লগা নহয়।
সাংবাদিকৰে হোৱা এক বাৰ্তালাপত তেওঁ কয় - স্বাভাৱিকতে বাৰিষা আহিলেহে জলসম্পদ বিভাগে সাৰ পাই বুলি এক অভিযোগ দীৰ্ঘদিনৰে পৰাই শুনিবলৈ পোৱা যায়। কিন্তু এতিয়া আৰু সেই অভিযোগ শুনিব লগা নহয়।
এখন দুখন নহয়, নৱেম্বৰ মাহতেই এশখন আঁচনি ৰূপায়ণ কৰিব ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে। এই ঘোষণা কৰিছে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। টীয়ক সমষ্টিৰ কাৱৈমাৰীত জাজী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা এখন আঁচনিৰ শুভাৰম্ভ কৰি এই কথা সদৰী কৰিছে মন্ত্ৰীগৰাকীয়ে।
সাংবাদিকৰে হোৱা এক বাৰ্তালাপত তেওঁ কয় - স্বাভাৱিকতে বাৰিষা আহিলেহে জলসম্পদ বিভাগে সাৰ পাই বুলি এক অভিযোগ দীৰ্ঘদিনৰে পৰাই শুনিবলৈ পোৱা যায়। কিন্তু এতিয়া আৰু সেই অভিযোগ শুনিব লগা নহয়। খৰালিৰ দিনতেই তেওঁৰ বিভাগে সকলো আঁচনি ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্ত সাধাৰণ ৰাইজ উপকৃত হোৱাকৈ নৱেম্বৰ মাহত ভিতৰতে ১০০ খন আঁচনি ৰূপায়ণ কৰা হব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
ইপিনে নিজ বিভাগৰ বিষয়া–কৰ্মচাৰীসকলৰ কৰ্মদক্ষতাক প্ৰসংশাৰে ওপচাই পেলায় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় - জলসম্পদ বিভাগৰ কৰ্মচাৰীসকলে যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগা হয়। প্ৰতি মুহূৰ্তত ৰাইজৰ স্বাৰ্থত কাম কৰে সকলো বিষয়া–কৰ্মচাৰীয়ে।
উল্লেখ্য যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আধাৰশিলাত ব্যস্ত হৈ পৰা জনপ্ৰতিনিধিৰ এনে প্ৰতিশ্ৰুতি কিমান কাৰ্যকৰী হ’ব, সেয়া সময়েহে ক’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|