"এটা অঞ্চল যিমানেই শিক্ষিত হ’ব সিমানেই সমাজখন সুস্থিৰ ব্যৱস্থাৰ মাজেৰে আগুৱাই নিব পাৰি" এই মন্তব্য স্থাস্থমন্ত্ৰী কেশৱ মহন্তৰ। বুধবাৰে কলিয়াবৰৰ বৰঘূলী জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা অভিনন্দন জ্ঞাপন অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা ২০২২ত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা বৰঘূলী জাতীয় বিদ্যালয়ৰ ছাত্ৰ মঃ ইৰ্শ্বাদুল্লাহক সম্বৰ্ধনা জনাই স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। বুধবাৰে বিয়লি কলিয়াবৰৰ বৰঘূলী জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা অভিনন্দন জ্ঞাপন অনুষ্ঠানতেই হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সংখ্যালঘু অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰী সকলকো সম্বৰ্ধনা জনোৱা হয়।
বৰঘূলী জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে নিষ্ঠা আৰু দায়বদ্ধতাৰে শৈক্ষিক দিশত পিচপৰা অঞ্চলটোত গুণগত শিক্ষা প্ৰদানেৰে মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভুমিকা গ্ৰহণ কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ শলাগ লয় মন্ত্ৰী কেশৱ মহন্তই ৷ আনহাতে, শিক্ষানুষ্ঠানখনৰ উত্তৰণৰ বাবে তিনিলাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|