• Home
  • »
  • News
  • »
  • assam
  • »
  • শশীকান্ত দাসক ধমক মন্ত্ৰী কেশৱ মহন্তৰ, ভৱিষ্যতে তেনে নকৰিবলৈ দিলে সকীয়নি, কি কৰিলে শশীকান্তই?

শশীকান্ত দাসক ধমক মন্ত্ৰী কেশৱ মহন্তৰ, ভৱিষ্যতে তেনে নকৰিবলৈ দিলে সকীয়নি, কি কৰিলে শশীকান্তই?

নগাঁও জিলাত অনুস্থিত হৈ থকা গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ অহা মন্ত্ৰীগৰাকী পুৱাই উপস্থিত হয় ৰহাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত।

  • Share this:
কংগ্ৰেছৰ সংগ ত্যাগ কৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰক মুকলিকৈ সমৰ্থন কৰি কংগ্ৰেছৰ পৰা নিলম্বনৰ সন্মুখীন হোৱা বিধায়ক শশীকান্ত দাসক ধমক দিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। নগাঁও জিলাত অনুস্থিত হৈ থকা গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ অহা মন্ত্ৰীগৰাকী পুৱাই উপস্থিত হয় ৰহাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত। কিছু সময়ৰ পিছতে মন্ত্ৰীগৰাকীক লগ কৰিবলৈ লগত কেইবাগৰাকীও আৰক্ষীৰ জোৱান লৈ বিদ্যালয়খনত উপস্থিত হয় ৰহাৰ বিধায়ক শশীকান্ত দাস।

মন্ত্ৰীগৰাকীক ফুলাম গামোচাৰে আদৰণি জনায় বিধায়ক শশীকান্ত দাসে। কিন্তু আৰক্ষীক লগত লৈ বিদ্যালয় চৌহদত প্ৰৱেশ কৰা শশীকান্ত দাসক ধমক দি মন্ত্ৰী কেশৱ মহন্তই কয়, "পুলিচ কোনে লগত আনিছে? পুলিচ লগত লৈ স্কুল কেম্পাছৰ ভিতৰলৈ কিয় আহিছা। চব কেম্পাছৰ পৰা আঁতৰাবলৈ কোৱা।"

ইয়াৰ পিছতে শশীকান্ত দাসে লগত থকা আৰক্ষীৰ জোৱান কেইজনক আঁতৰাই পঠায়। মন্ত্ৰী কেশৱ মহন্তই বিধায়কগৰাকীক ভৱিষ্যতে এনে ভুল নকৰিবলৈকো সকীয়াই দিয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি