• Home
  • »
  • News
  • »
  • assam
  • »
  • নতুন মন্ত্ৰীসভাত অগপৰ কোনে পাব স্থান? মন্ত্ৰী কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ গুৰুত্বপূৰ্ণ মন্তব্য

নতুন মন্ত্ৰীসভাত অগপৰ কোনে পাব স্থান? মন্ত্ৰী কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ গুৰুত্বপূৰ্ণ মন্তব্য

অগপৰ কলিয়াবৰ বিধান পৰিষদৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কলিয়াবৰত একাংশ কংগ্ৰেছী নেতাৰ অগপত যোগদান কৰে।

অগপৰ কলিয়াবৰ বিধান পৰিষদৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কলিয়াবৰত একাংশ কংগ্ৰেছী নেতাৰ অগপত যোগদান কৰে।

অগপৰ কলিয়াবৰ বিধান পৰিষদৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কলিয়াবৰত একাংশ কংগ্ৰেছী নেতাৰ অগপত যোগদান কৰে।

  • Share this:
শীঘ্ৰে হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। অৱশ্যে নতুনকৈ কিমানজন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মন্ত্ৰীসভাত নতুনকৈ কোনে কোনে স্থান পাব তাক লৈ চলিছে জল্পনা কল্পনা। ইফালে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্ত  আৰু সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ গুৰুত্বপূৰ্ণ মন্তব্য।

"সম্প্ৰসাৰণ হ’ব লগা অসম চৰকাৰৰ মন্ত্ৰী সভাত অগপ দলৰ পৰা পুনৰ এজনে মন্ত্ৰিত্ব পাব। আগতেই এই বিষয়টো নিস্পত্তি হৈ আছে। কিন্তু বিষয়টো মুখ্যমন্ত্ৰীৰ এক্টিয়াৰৰ বিষয়¸ গতিকে সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে ল’ব।’’ – মন্তব্য কেশৱ মহন্তৰ।

আনহাতে¸ মন্ত্ৰীসভা সম্প্ৰসাৰণ হ’লে অগপৰ পৰা আৰু এজনে মন্ত্ৰী পাব বুলি ৰাজ্যসভাৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য আশাবাদী। অগপৰ পৰা আৰু এজনে মন্ত্ৰী পালে আনন্দিত হ’ব সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য। কলিয়াবৰত অগপ দলৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত সংবাদ মাধ্যমক এইদৰে মন্তব্য প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।

অগপৰ কলিয়াবৰ বিধান পৰিষদৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কলিয়াবৰত একাংশ কংগ্ৰেছী নেতাৰ অগপত যোগদান কৰে। কলিয়াবৰত অগপ কাৰ্যালয়ত অনুষ্ঠিত সভাত বিধায়ক ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমক কয় যে¸ এবছৰৰ পাছত অসমত  নিচিহ্ন হৈ যাব কংগ্ৰেছ দল। কলিয়াবৰত কংগ্ৰেছ দল ত্যাগ কৰি একাংশ কংগ্ৰেছীয়ে যোগদান কৰিলে অগপত।

কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিধায়ক ফণী ভূষণ চৌধুৰীৰ উপস্থিতিত কলিয়াবৰত শতাধিক কংগ্ৰেছী নেতা-সদস্যই অগপত যোগদান কৰে। কুঁৱৰীটোলস্থিত অগপৰ কলিয়াবৰ বিধান পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা কলিয়াবৰ বিধান পৰিষদৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত অগপত যোগদান কৰে ভালে সংখ্যক কংগ্ৰেছীয়ে।
Published by:Sanjay Kumar Das
First published: