Minister Jogen Mohon : শীঘ্ৰেই চামগুৰিতো বেদখলীকৃত চৰকাৰী ভূমি উচ্ছেদ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে।
Minister Jogen Mohon : শীঘ্ৰেই চামগুৰিতো বেদখলীকৃত চৰকাৰী ভূমি উচ্ছেদ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে।
সোমবাৰে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ত হঠাৎ উপস্থিত (Sudden Visit) হ'ল ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন (Minister Jogen Mohon) । মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত হাহাকাৰ লাগে চক্ৰ বিষয়াৰ কাৰ্যালয়টোত ৷ ৰাইজৰ বাবে চৰকাৰে আগবঢ়োৱা মিছন বসুন্ধৰা (Mission Bashundhara) আঁচনিৰ বুজ ল'বলৈ দুপৰীয়া প্ৰায় ১২-৩০ বজাত ৰাজহ মন্ত্ৰী মহন কাৰ্যালয়টোত উপস্থিত হয়।
সাংবাদিকৰে হোৱা কথা বতৰাত অতি শীঘ্ৰেই চামগুৰি (Samaguri)তো চৰকাৰী বেদখলীকৃত ভূমি উচ্ছেদ (Eviction) কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী মহনে। এই সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়াক যাৱতীয় সকলো তথ্য প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও প্ৰকাশ কৰে। লগতে বিচাৰ বিবেচনা কৰি নিয়ম অনুসৰি সংৰক্ষিত ভূমিক সাধাৰণ ভূমিলৈ ৰূপান্তৰিত কৰি হ'লেও উচ্ছেদিত থলুৱা ভূমিহীন লোকক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্ত্ৰী মহনে ব্যক্ত কৰে। চাহ জনগোষ্ঠীয় ভূমি সংক্ৰান্তীয় কাম কাজ পৰিচালনা কৰিবলৈ চামগুৰিত বিশেষ কমিটি গঠন কৰিবলৈও বিভাগক নিৰ্দেশ দিয়ে। আনহাতে মিছন বসুন্ধৰা (Mission Bashundhara)ৰ জৰিয়তে ৰাজ্যত বৰ্তমানলৈকে দুই লক্ষাধিক ভূমি সংক্ৰান্তীয় আবেদন গ্রহণ কৰা হৈছে বুলিও প্ৰকাশ কৰে মন্ত্ৰী মহনে।
প্ৰায় এক ঘণ্টা ধৰি কাৰ্যালয়টোত অতিবাহিত কৰাৰ সময়তে স্থানীয় ৰাইজে মন্ত্ৰী মহনক দালালৰাজ (Dalal Raj) সন্দৰ্ভত অভিযোগ দিয়ে। গেৰুৱামুখ গাঁৱৰ জয়ন্ত দাস নামৰ যুৱকজনে কাৰ্যালয়টোৰ লাট মণ্ডল আৰু বিষয়াই জালিয়াতি কৰি তেওঁলোকৰ পৈতিক সম্পত্তিৰ ছয় কঠা ভূমি অনা অসমীয়া লোকৰ হাতলৈ হস্তান্তৰ কৰিলে বুলি অভিযোগ দিয়ে। মন্ত্ৰী মহন এই ক্ষেত্ৰত কিছু অপ্ৰস্তুত হৈ শীঘ্ৰেই এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজহ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|