মাইবঙত বানে ক্ষতিগ্ৰস্ত কৰা পৰিয়ালৰ খবৰ ল’লে মন্ত্ৰী যোগেন মহনে। মাহুৰ নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা মাইবঙৰ ২৮টা পৰিয়ালৰ অৱস্থাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালক তাৎক্ষণিকভাৱে চৰকাৰী সাহায্য প্ৰদানৰ ঘোষণা মন্ত্ৰী যোগেন মহনৰ।
মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে আশ্ৰয় শিবিৰ স্থাপনৰ নিৰ্দেশ দিয়ে মাহুৰ মহকুমা প্ৰশাসনক। লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক ত্ৰিপালকে ধৰি কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰী নিজ হাতে বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়িকা নন্দিতা গাৰ্লোছাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 17, 2022, 08:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।