উপ-নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীগৰাকীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰাৰ লগতে ৰাজ্যখনৰ ৰাজনীতিত নিশ্চিতভাৱে এক ধুমুহাৰ সৃষ্টি কৰিব।
উপ-নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীগৰাকীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰাৰ লগতে ৰাজ্যখনৰ ৰাজনীতিত নিশ্চিতভাৱে এক ধুমুহাৰ সৃষ্টি কৰিব।
ৰাজ্যখনত কংগ্ৰেছী বিধায়কৰ লগতে কংগ্ৰেছৰ বহু নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰি অসমৰ ৰাজনীতিত তোলপাৰ লগোৱাৰ সময়তে এইবাৰ 'ৰাইজৰ দল'ৰ বহু নেতাই বিজেপি দলত যোগদান কৰিব বুলি মন্ত্ৰী যোগেন মহনে কৰা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।
সোণাৰিত অনুষ্ঠিত এক সভাত অংশ গ্ৰহণ কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "ৰাইজৰ দলৰ বহু নেতাই বিজেপিত যোগদান কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনক উন্নয়নৰ দিশে আগুৱাই লৈ যোৱাৰ স্বাৰ্থতে সকলোৱে দল ত্যাগ কৰিবলৈ ইতিমধ্যে সাজু হৈছে।"
উপ-নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীগৰাকীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰাৰ লগতে ৰাজ্যখনৰ ৰাজনীতিত নিশ্চিতভাৱে এক ধুমুহাৰ সৃষ্টি কৰিব। আনহাতে, থাওৰাৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহায়ে বিজেপিত যোগদান কৰাৰ পিছত মাহমৰাৰ বিধায়ক যোগেন মহনৰ মন্ত্ৰিত্ব কটা যাব পাৰে নেকি বুলি সোধা এক প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয়, "এই কথা দলে তথা মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল’ব। ভাৰতীয় জনতা পাৰ্টী আন দলতকৈ পৃথক। বিজেপিৰ মন্ত্ৰী-বিধায়কে ৰাইজৰ কাম কৰি যাবলৈ বিচাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|