যোগাভ্যাস, ধ্যান, যোগৰ উপকাৰিতাৰ বিষয়ে সচেতনতা অনা আৰু দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগ কৰাৰ উদ্দেশ্যৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।
যোগাভ্যাস, ধ্যান, যোগৰ উপকাৰিতাৰ বিষয়ে সচেতনতা অনা আৰু দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগ কৰাৰ উদ্দেশ্যৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।
কলিয়াবৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী যোগেন মহন। কলিয়াবৰৰ কুঁৱৰীটোলৰ মুক্তিযুঁজাৰু ভৱনত পুৱাই যোগ দিৱসত অংশগ্ৰহণ কৰে মন্ত্ৰী যোগেন মহনে।
কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কলিয়াবৰত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপষ্ঠিত থাকে মন্ত্ৰী যোগেন মহন।
যোগাভ্যাস, ধ্যান, যোগৰ উপকাৰিতাৰ বিষয়ে সচেতনতা অনা আৰু দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগ কৰাৰ উদ্দেশ্যৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।
উল্লেখ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে আগবঢ়ায় প্ৰস্তাৱ। পৰৱৰ্তী সময়ত ১১ ডিচেম্বৰত ১৯৩খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃৃহীত হয়। সেই অনুসৰি ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে।
কলিয়াবৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত উপস্থিত থাকি মন্ত্ৰী যোগেন মহনে যোগাভ্যাস কৰে। যোগক এক আন্দোলন ৰূপে গঢ়ি তুলিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ। সমগ্ৰ অসমতে বিশ্ব যোগ দিৱসৰ আয়োজনৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিছিল যদিও ভয়াৱহ বান পৰিস্থিতিৰ বাবে সীমিত সংখ্যক স্থানতহে যোগ দিৱস আয়োজন কৰিব পৰা গৈছে বুলি জনায় মন্ত্ৰীগৰাকীয়ে।
কলিয়াবৰৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাস, নিৰ্বাচনী বিষয়া ড° ভূপালী কাশ্যপ, চক্ৰ বিষয়া নীতিশা বৰাকে প্ৰমুখ্য কৰি কেইবাজনো প্ৰশাসনিক বিষয়া, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে যোগ দিৱসত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|