মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চিৰাঙত বান পৰিস্থিতি পৰিদৰ্শন দুই মন্ত্ৰীৰ, জিলা প্ৰশাসনক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

চিৰাঙত বান পৰিস্থিতি পৰিদৰ্শন দুই মন্ত্ৰীৰ, জিলা প্ৰশাসনক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

News18 Assam | News18-Assam
Updated:August 27, 2021, 6:42 PM IST
চিৰাঙত বান পৰিস্থিতি পৰিদৰ্শন দুই মন্ত্ৰীৰ, জিলা প্ৰশাসনক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
মন্ত্ৰীদ্বয়ৰ বান পৰিদৰ্শনৰ কালত বিধায়ক জয়ন্ত বসুমতাৰী আৰু অজয় ৰয়ো উপস্থিত থাকে৷

মন্ত্ৰীদ্বয়ৰ বান পৰিদৰ্শনৰ কালত বিধায়ক জয়ন্ত বসুমতাৰী আৰু অজয় ৰয়ো উপস্থিত থাকে৷

  • Share this:
চিৰাঙত বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে উপস্থিত দুই মন্ত্ৰী যোগেন মহন আৰু ইউ জি ব্ৰহ্ম৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে দুই মন্ত্ৰীয়ে জিলাখনত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়৷ মন্ত্ৰীদ্বয়ে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ লগতে উপায়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনৰে বৈঠকত মিলিত হয়৷

মন্ত্ৰীদ্বয়ৰ বান পৰিদৰ্শনৰ কালত বিধায়ক জয়ন্ত বসুমতাৰী আৰু অজয় ৰয়ো উপস্থিত থাকে৷ মন্ত্ৰী যোগেন মহনে বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক শীঘ্ৰে ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিয়া বুলি জানিব দিয়ে ৷

আনহাতে, জিলাখনৰ বান পৰিস্থিতিৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান কৰা বুলি উল্লেখ কৰি মন্ত্ৰী পীযূষ হাজৰিকা আৰু ৰণজিত দাসো জিলাখনলৈ আহি থকা বুলি জানিব দিছে৷ ইফালে, ডিমা হাচাওত উগ্ৰপন্থী সংগঠনে চালকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক গৰিহণা দি ইয়াৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰী কৰে যোগেন মহনে৷
Published by: Sanjay Kumar Das
First published: August 27, 2021, 6:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি