মুখ্যপৃষ্ঠা »খবৰ »অসম »Hailakandi : হাইলাকান্দিৰ ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পুত্তলিকা, জিলাত প্ৰৱেশ বন্ধ কৰাৰ হুংকাৰ

Hailakandi : হাইলাকান্দিৰ ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পুত্তলিকা, জিলাত প্ৰৱেশ বন্ধ কৰাৰ হুংকাৰ

হাইলাকান্দি জ্বলিল মন্ত্ৰী জয়ন্ত মল্লৰ পুত্তলিকা । মন্ত্ৰীৰ হাইলাকান্দি প্ৰবেশ বন্ধ কৰাৰ হুংকাৰ AJYCP'ৰ ।

হাইলাকান্দি জ্বলিল মন্ত্ৰী জয়ন্ত মল্লৰ পুত্তলিকা । মন্ত্ৰীৰ হাইলাকান্দি প্ৰবেশ বন্ধ কৰাৰ হুংকাৰ AJYCP'ৰ ।

  • Share this:

জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনত হাইলাকান্দি জিলাত "জল জীৱন মিছন"ৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। বিভাগীয় বিষয়া তথা ঠিকাদাৰৰ লুণ্ঠনৰ বাবে ঘৰে ঘৰে পানীৰ পৰিৱৰ্তে এটা বৃহত্‍ শূন্য পৰিলক্ষিত হৈছে।


এই অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ হাইলাকান্দি জিলা সমিতিৰ। জনস্বাস্থ্য বিভাগত চলা এনে বৃহৎ পৰিমাণৰ দুৰ্নীতিৰ লগতে স্বয়ং বিভাগীয় মন্ত্ৰী তথা হাইলাকান্দি জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আজি হাইলাকান্দি(Hailakandi)ত মন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে।


আজি ৰাতিপুৱা হাইলাকান্দি জিলাৰ জানকী বজাৰত ৬নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (Minister Jayanta Malla Baruah)ৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে পৰিষদৰ সদস্যসকলে।


লগতে অতি সোনকালে হাইলাকান্দি জিলাত চলা জল জীৱন মিছনৰ সকলো কামৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা নকৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ক'লা পতাকা প্ৰদৰ্শন কৰা হ'ব আৰু তেওঁৰ হাইলাকান্দি জিলাত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

শেহতীয়া বাতৰি