আজমলৰ বিতৰ্কিত মন্তব্যক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ। আজমলৰ মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দি এজন মৌলানাৰ এনে মন্তব্য কেনেকৈ হ'ব পাৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে। নিজৰ ভেঁটি সুৰক্ষিত কৰি ২৪ৰ দেওনা পাৰ হ'বলৈয়ে আজমলে এই মন্তব্য কৰিছে বুলি কয় জয়ন্ত মল্ল বৰুৱাই।
মন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ হ’ব, কিন্তু চৰকাৰ বেছিকৈ জড়িত নহয়। চৰকাৰ জড়িত হ'লে আজমল পক্ষই সুযোগ ল'ব। কংগ্ৰেছৰ ঔৰসতেই আজমল, AIUDFৰ জন্ম। দুইটা দল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, A টীম B টীম। আজমলক নিঃশেষ কৰিব লাগিলে বিজেপি শক্তিশালী হ'ব লাগিব।’’
বিভিন্ন সময়ত ভূমিকা লোৱা ৰাজ্যৰ দল-সংগঠনে এতিয়া নিজৰ ভূমিকা পালন কৰক বুলিও কয় মন্ত্ৰীগৰাকীয়ে। AIUDFৰ বিৰুদ্ধে বিজেপিয়ে যুঁজিব লাগিব, যদি লাভ হয় বিজেপিৰে হ'ব, কিয়নো AIUDFক প্ৰত্যাহ্বান দিব পৰা দল কেৱল বিজেপিয়ে আছে বুলি কয় তেওঁ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|