• Home
  • »
  • News
  • »
  • assam
  • »
  • ২০২৪ৰ ভিতৰত প্ৰতিঘৰ মানুহক বিশুদ্ধ খোৱাপানী, জলজীৱন মিছনৰ কাম বেয়া হ’লে পাব শাস্তি

২০২৪ৰ ভিতৰত প্ৰতিঘৰ মানুহক বিশুদ্ধ খোৱাপানী, জলজীৱন মিছনৰ কাম বেয়া হ’লে পাব শাস্তি

বান হোৱা যি ঠাইত পানীৰ স্কীমসমূহ ডুবি গৈছে, তাৰ ব্যৱস্থা সোনকালে কৰা হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে। কিছু ঠাইত টিউবেলৰো ব্যৱস্থা কৰা হৈছে।

বান হোৱা যি ঠাইত পানীৰ স্কীমসমূহ ডুবি গৈছে, তাৰ ব্যৱস্থা সোনকালে কৰা হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে। কিছু ঠাইত টিউবেলৰো ব্যৱস্থা কৰা হৈছে।

বান হোৱা যি ঠাইত পানীৰ স্কীমসমূহ ডুবি গৈছে, তাৰ ব্যৱস্থা সোনকালে কৰা হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে। কিছু ঠাইত টিউবেলৰো ব্যৱস্থা কৰা হৈছে।

  • Share this:
আজি অনুষ্ঠিত হয় জলজীৱন মিছনৰ ৰাজ্যিক পৰ্যালোচনা বৈঠক। এই বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমত জলজীৱন মিছন সম্পূৰ্ণৰূপে সফলৰ পৰ্যালোচনা কৰা হৈছে বুলি মন্তব্য কৰে। প্ৰতি কামৰ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘২০২৪ ৰ ভিতৰত প্ৰতিঘৰ মানুহক ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী দিব লাগিব। প্ৰতিঘৰ মানুহৰ প্ৰতিজন মানুহে দৈনিক ৫৫ লিটাৰ পানী পাব লাগিব। ২৪ লাখ ৪১ হাজাৰ ঘৰলৈ পানী যোগান সংযোগ সম্পূৰ্ণ হৈছে বৰ্তমানলৈ। কিন্তু ইয়াক ভালদৰে ঘৰে ঘৰে গৈ পৰীক্ষণ কৰা হ'ব এটা মহিলা সামাজিক স্বেচ্ছাসেৱকৰ জৰিয়তে। এই স্বেচ্ছাসেৱকৰ গোটতো জড়িত হ'ব প্ৰায় ২.৫০ লাখ মহিলা। পৰীক্ষণ কৰিবলৈ যাওঁতে লগত থাকিব টেষ্টিং কীট।’’

স্কুলীয়া ছাত্ৰ-ছাত্ৰীও জড়িত হ'ব জলজীৱন মিছনত। নৱম, দশম, একাদশ, দ্বাদশৰ ছাত্ৰ-ছাত্ৰীয়ে নিৰীক্ষণ কৰিব জলজীৱনৰ প্ৰতিটো স্ক্ৰীম। ইয়াৰ পিছত তেওঁলোকৰ পৰা লোৱা হ'ব প্ৰতিবেদন। তেওঁলোকৰ মাজত জলজীৱন মিছনক লৈ হ'ব ৰচনা প্ৰতিযোগিতা। প্ৰতিখন বিদ্যালয়ৰ ৪/৫ জনকৈ ছাত্ৰ-ছাত্ৰীক লৈ যোৱা হ'ব জিলা সমূহত থকা জলজীৱন মিছনৰ লেব'ৰটেৰীসমূহলৈ।

‘‘বেয়া কাম কৰাৰ অভিযোগ থকা সকলক ভালদৰে বুজাই দিয়া হৈছে কিদৰে কোৱালিটীকাম কৰিব লাগিব। কোৱালিটী কাম কৰিবলৈ অভিযন্তাক নিৰ্দেশ দিয়া হৈছে।টোল ফ্ৰী নম্বৰ মুকলি কৰা হ'ব জলজীৱন মিছনৰ অভিযোগ দিবৰ বাবে। ছচিয়েল মিডিয়াৰ জৰিয়তেও দিব পাৰিব অভিযোগ। অভিযোগ পালে লোৱা হ'ব ব্যৱস্থা।’’ – ক’লে জয়ন্ত মল্ল বৰুৱাই।

বান হোৱা যি ঠাইত পানীৰ স্কীমসমূহ ডুবি গৈছে, তাৰ ব্যৱস্থা সোনকালে কৰা হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে। কিছু ঠাইত টিউবেলৰো ব্যৱস্থা কৰা হৈছে। তেওঁ কয়, বানপীড়িত প্ৰতিটো ডিভিজনলৈ হেল'জেন টেবলেট দিয়া হৈছে। ইয়াৰ জৰিয়তে বিশুদ্ধ কৰা হ'ব লেতেৰা পানী।আশাকৰ্মীয়ে বিতৰণ কৰিব হেল'জেন টেবলেট। ব্লিচিঙ পাউদাৰ যোগান ধৰা হৈছে বানপীড়িত প্ৰতিটো ঠাইত।

অভিযোগ পোৱা বহু ঠাইৰ পাইপ উভালি অনা হৈছে আৰু IIT টেষ্টৰ বাবে দিয়া হৈছে। জলজীৱন মিছনৰ প্ৰতিটো স্কীমৰ বিপৰীতে এজন স্বেচ্ছাসেৱক নিয়োগ কৰা হ'ব। ৬ হাজাৰ ৫০০ টকাকৈ মাননী লাভ কৰিব জলমিত্ৰই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি