
File Photo
কেপিএমজি নামৰ এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ দ্বাৰা ছাৰ্ভে কৰা হৈছে। ৰাজ্যত কেনেকুৱা দক্ষতাসম্পন্ন যুৱক–যুৱতীৰ প্ৰয়োজন, সেই সন্দৰ্ভত অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিব প্ৰতিষ্ঠানটোৱে।
স্কীল ডেভেল’পমেণ্টৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেপিএমজি নামৰ এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ দ্বাৰা ছাৰ্ভে কৰা হৈছে। ৰাজ্যত কেনেকুৱা দক্ষতাসম্পন্ন যুৱক–যুৱতীৰ প্ৰয়োজন, সেই সন্দৰ্ভত অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিব প্ৰতিষ্ঠানটোৱে। KPMGৰ দ্বাৰা প্ৰতিবেদন দাখিল কৰাৰ পিছত স্কীল ডেভেল’পমেণ্টৰ কাম আগবাঢ়িব। এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰীগৰাকীয়ে কয়, ১৫ জুলাইত প্ৰতিবেদন দাখিল কৰিব KPMG–এ।
আনহাতে, নৱম, দশম, একদাশ আৰু দ্বাদশ শ্ৰেণীত স্কীল এডুকেচন অন্তৰ্ভুক্ত হ’ব। ২০২৩ বৰ্ষৰ পৰা স্কীল এডুকেচন আৰম্ভ হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|