‘‘মিঞা শব্দৰ অৰ্থ হ'ল প্ৰব্ৰজনকাৰী বা আগ্ৰাসনকাৰী। যিসকল বিভিন্ন সময়ত পূৰ্ব পকিস্তান বা বাংলাদেশৰ পৰা অসমলৈ প্ৰব্ৰজন কৰিছিল, অসমীয়া লোকে তেওঁলোকক মিঞা বুলি আখ্যায়িত কৰিছিল। অসমত মিঞাৰ সংস্কৃতি ৰক্ষাৰ কাম হ’ব, এয়া হ'বই নোৱাৰে।’’ – এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
হাইলাকান্দিত মাইক্ৰ’ ফাইনেন্সৰ দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ অনুষ্ঠানত অংশ লোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, আগ্ৰাসনকাৰীৰ সংগ্ৰহালয় বনোৱাৰ কথা যিসকলে ভাবে বা তেওঁলোকক সমৰ্থন কৰে তেওঁলোকো অসমীয়া জাতিৰ বাবে ভয়াৱহ।’’
বিধায়ক শ্বেৰমান আলীয়ে মিঞা মিউজিয়াম সম্পৰ্কত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, তেওঁৰ দৰে ব্যক্তিক বিধায়ক নিৰ্বাচিত কৰাটোৱে অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|