আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কাইলৈৰ গুৱাহাটীৰ কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া- 'মই নাভাবো যে অসমত কেজৰিৱালক লৈ কিবা আলোচনা কৰিব লাগে।'
তেওঁ লগতে কয়-'অসমত ১২৬ খন বিধান সভা, ১৪ খন লোকসভা, বহু পঞ্চায়ত, বহু জিলা পৰিষদ আছে। ক'তো কেজৰিৱালৰ কোনো দল নাই। এনেকুৱা তেওঁলোকৰ কোনো Recognition নথকা দল এটা, অসমত কোনো অস্তিত্ব নথকা দল এটাৰ নেতাক লৈ ইমান কিয় সংবাদ মাধ্যম উৎসাহিত মই সেইটো কথা বুজি পোৱা নাই। গতিকে মই সেইটোক লৈ কিবা বাতৰি বুলিয়েই ভবা নাই। এনেকুৱা মানুহ আহিয়েই থাকে, গৈয়েই থাকে।'
Published by: Kokil Sarma
FIRST PUBLISHED : April 01, 2023, 19:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।