পুনৰ কংগ্ৰেছ আৰু এআইইউডিএফক সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজমলৰ সৈতে কংগ্ৰেছৰ মধুৰ সম্পৰ্ক আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘প্ৰয়োজনৰ তাগিদাত আজমলৰ সৈতে সদায় যোগ হয় কংগ্ৰেছ৷ আজমলৰ নাম নল’বলৈ কংগ্ৰেছক গান্ধী পৰিয়ালে বাধা দিছে। আজমলৰ লগত মধুৰ সম্পৰ্ক আছে কংগ্ৰেছৰ। আজমলৰ বেয়া কামকবোৰক সমালোচনা কৰা বাবে বাধা দিয়া হৈছে।
গান্ধী পৰিয়ালৰ নিৰ্দেশ – আজমল আমাৰ ভাতৃ।’’মন্ত্ৰীগৰাকীয়ে কয়, আজমলে কেতিয়াও ৰাহুল- ছোনিয়াক সমালোচনা নকৰে।
ৰাষ্ট্ৰীয় নেতৃত্বয়ো আজমলক সমালোচনা নকৰে। ৰাইজক বিভ্ৰান্ত কৰিব বাবে ৰাজ্যিক নেতৃত্বই এইবোৰ কৰি থাকে।আনহাতে, ২০২৪ৰ লোকসভা নির্বাচনৰ প্ৰসংগত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা মন্তব্য – বিজেপিত ৰিপ’ৰ্ট কাৰ্ডৰ কথা নাই, প্ৰতিটো নিৰ্বাচনত ২৫-৩০ শতাংশই টিকট নাপায়। নতুন মানুহে টিকট পাই। ৰাজ্য বিৰোধী দখল থকা লোকসভা সমষ্টিসমূহত বিজেপিয়ে নিয়োগ কৰিছে এগৰাকীকৈ ৰাজ্যসভা সাংসদক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|