
নলবাৰীত জাতীয় পতাকা উত্তোলন কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
নলবাৰীত জাতীয় পতাকা উত্তোলন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আনহাতে, মন্ত্ৰীগৰাকীক আৰক্ষী, বেটেলিয়ান বিভিন্ন স্কুল কলেজকে ধৰি প্ৰায় ১৫ টা প্লাটুনে অভিবাদন জনায়।
আজি দেশৰ ৭৬ তম স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে নলবাৰীতো জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়ৰ খেলপথাৰত পালন কৰা হৈছে স্বাধীনতা দিৱস। নলবাৰীত জাতীয় পতাকা উত্তোলন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আনহাতে, মন্ত্ৰীগৰাকীক আৰক্ষী, বেটেলিয়ান বিভিন্ন স্কুল কলেজকে ধৰি প্ৰায় ১৫ টা প্লাটুনে অভিবাদন জনায়। আজি মুক্ত মনে ওলাই আহিল জনতা। দেশপ্ৰেমমূলক গীতৰে মুখৰিত হৈ পৰিল আৰক্ষী অধীক্ষৰ কাৰ্য্যলয় খেলপথাৰ। উল্লেখযোগ্য যে, কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত নলবাৰীত সুকলমে পালন কৰা হ'ল স্বাধীনতা দিৱস।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|