• Home
  • »
  • News
  • »
  • assam
  • »
  • Jayanta Malla Baruah : ''২০ বছৰ আগতে অজিত ভূঞা এটা প্ৰতিবাদী সত্তা আছিল, আজিৰ অজিত ভূঞাই আজমলৰ শ্ৰুতলিপি মতে কথা কয়''- তেজপুৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

Jayanta Malla Baruah : ''২০ বছৰ আগতে অজিত ভূঞা এটা প্ৰতিবাদী সত্তা আছিল, আজিৰ অজিত ভূঞাই আজমলৰ শ্ৰুতলিপি মতে কথা কয়''- তেজপুৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

লগতে ক'লে–  মোগল ভাৰতবৰ্ষৰ বাবে আক্ৰমণকাৰী আছিল আৰু আজিও আক্ৰমণকাৰী

লগতে ক'লে– মোগল ভাৰতবৰ্ষৰ বাবে আক্ৰমণকাৰী আছিল আৰু আজিও আক্ৰমণকাৰী

লগতে ক'লে– মোগল ভাৰতবৰ্ষৰ বাবে আক্ৰমণকাৰী আছিল আৰু আজিও আক্ৰমণকাৰী

  • Share this:
আজি তেজপুৰত উপস্থিত হৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৰাজ্যত চৰ্চিত হৈ থকা কেইবাটাও ইছ্যু সন্দৰ্ভত মত ব্যক্ত কৰে।

অবৈধ বেদখল মুক্ত কৰাৰ প্ৰসংগত মন্ত্ৰী বৰুৱাই কয়– 'বৰছলাই হওক বা আন ঠায়েই নহওক কিয়, য'তেই অবৈধ বেদখল থাকিব, তাতেই আমাৰ চৰকাৰে বেদখল মুক্ত কৰিব৷ পৰ্যায়ক্ৰমে অসমৰ সকলো ঠাই বেদখল মুক্ত হ'ব৷''

আনহাতে মাদ্ৰাছাৰ উচ্ছদ প্ৰসংগত কয়– ''কেৱল মাদ্ৰাছাই নহয়, যি অনুষ্ঠানতে ৰাষ্ট্ৰবিৰোধী কাম–কাজ চলিব, তাত আমাৰ কঠোৰ হ'ব৷ একাংশ মাদ্ৰাছাত জেহাদী কাৰ্যকলাপ বা ৰাষ্ট্ৰবিৰোধী কাম–কাজ চলাৰ শুদ্ধ তথ্য চৰকাৰৰ হাতত থকাৰ বাবেহে মাদ্ৰাছাত উচ্ছেদ চলোৱা হৈছে৷ দেশে স্বাধীনতা লাভৰ পূৰ্বৰ পৰাই এচাম লোকে এনে কাম–কাজ চলাই আহিছে৷ আমাৰ চৰকাৰৰ দিনত এনে কাম–কাজ চলিবলৈ দিয়া নহ'ব আৰু এইক্ষেত্ৰত চৰকাৰ অধিক কঠোৰ হ'ব৷''

মন্ত্ৰী বৰুৱাই সাংসদ অজিত কুমাৰ ভূঞা সন্দৰ্ভতো উল্লেখ কৰে এনেদৰে– ''AIUDF ৰ ভোট ৰাজ্যসভালৈ যাওঁতে অজিত ভূঞাৰ হাতভৰি বন্ধা আছিল৷ গতিকে তেওঁ ক'বই লাগিব৷ ২০ বছৰ আগৰ অজিত ভূঞাক যদি আজি চোৱা হয় তেন্তে সেইটো আটাইতকৈ ডাঙৰ ভুল কৰা হ'ব৷ ২০ বছৰ আগতে অজিত ভূঞা এটা প্ৰতিবাদী সত্তা আছিল৷ আজিৰ অজিত ভূঞা বদৰুদ্দিন আজমলৰ ভৰিত পৰি ৰাজ্যসভালৈ যোৱা এজন সাংসদ৷ আজিৰ অজিত ভূঞাই আজমলৰ শ্ৰুতলিপি মতে কথা কয়৷''

''অসমীয়া যুৱকৰ শৌৰ্য–বীৰ্যৰে কোনোবা উগ্ৰপন্থী সংগঠন চলাটো এতিয়া কাম্য নহয়৷ এতিয়া সকলোৱে বুজি উঠিছে৷ উন্নয়নৰ স্বাৰ্থত সংগঠন পৰিহাৰ কৰাটোৱেই শ্ৰেয়৷ পূৰ্বতে উত্তৰ-পূবক কেন্দ্ৰই আন ৰাজ্যৰ সমদৃষ্টিৰে নোচোৱাৰ ফলতে উগ্ৰপন্থী সংগঠনৰ জন্ম হৈছিল যদিও আজিৰ প্ৰেক্ষাপটত সেয়া অপ্ৰাসংগিক৷ গতিকে কথাবোৰ বিশ্লেষণ কৰি চালে সকলো উগ্ৰপন্থী সংঠনে তেওঁলোকৰ কাম–কাজ এদিন এৰি পেলাব৷'' –উগ্ৰপন্থী সমস্যা প্ৰসংগত মন্ত্ৰী বৰুৱাই উল্লেখ কৰে এই কথা।

জয়ন্ত মল্ল বৰুৱাই লগতে কয়– ''যি সকল ৰাজনৈতিক ব্যক্তিয়ে জেহাদী কাৰ্যকলাপ বা ৰাষ্ট্ৰ বিৰোধী কাম–কাজক সদায় সমৰ্থন দি আহিছে, তেওঁলোকৰ বাবেই বৃদ্ধি পাইছে এনে কাম–কাজ আৰু তেওঁলোকৰ কাৰণেই অসমখনৰ আজি দুৰ্ভাগ্যজনক পৰিস্হিতি৷ অসমৰ ইতিহাস নজনা মানুহে মোগলক সমৰ্থন কৰিবই৷ অসম তথা ভাৰতবৰ্ষৰ ইতিহাস মোগলৰ দিনত আৰম্ভ হোৱা নহয়৷ ভাৰতবৰ্ষৰ ইতিহাস বেদ-পুৰাণৰ দিনৰ পৰা আৰম্ভ হৈছে৷ ৪/৫ হেজাৰ বছৰীয়া সংস্কৃতি৷ গতিকে ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন কৰিহে মোগলক সমৰ্থন কৰক৷ মোগল ভাৰতবৰ্ষৰ বাবে আক্ৰমণকাৰী আছিল আৰু আজিও আক্ৰমণকাৰী৷''
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি