আজি মৰিগাঁৱৰ পবিতৰাত অনুষ্ঠিত অসম জনস্বাস্থ্য অভিযন্তা সন্থাৰ (এপিএইচইএ) ৩৫ সংখ্যক দ্বি-বাৰ্ষিক সন্মিলনত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ ক্ষেত্ৰ অভিযন্তাসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকে সন্মুখীন হোৱা সমস্যাবোৰৰ পৰ্যালোচনা কৰে। মন্ত্ৰী বৰুৱাই তেওঁলোকৰ উদ্বেগৰ প্ৰতি তেওঁৰ সহযোগিতাৰ আশ্বাস দিয়ে আৰু জল জীৱন মিছনৰ সফলতা নিশ্চিত কৰিবলৈ দৃঢ় সংকল্প ল'বলৈ উৎসাহিত কৰে।
তেওঁ কয় যে, "ক্ষেত্ৰ অভিযন্তাসকলে প্ৰতিটো পৰিয়ালক খোৱা পানী যোগান ধৰাৰ অভিযানৰ সফলতা নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।"
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰতিটো পৰিয়ালক খোৱা পানী যোগান ধৰাটো সহজ কাম নহয়; কিন্তু বিভাগীয় বিষয়াসকলৰ সকলোধৰণৰ প্ৰত্যাহ্বান আৰু সমস্যা থকা স্বত্বেও প্ৰতিটো পৰিয়াললৈ পানী যোগান নিশ্চিত কৰাৰ আকাংক্ষিত লক্ষ্য পূৰণ কৰিবলৈ যুদ্ধৰ ভিত্তিত কাম কৰাৰ প্ৰয়োজন আছে। তেওঁ লগতে উল্লেখ কৰে যে, কেইবছৰমানৰ ভিতৰত অসমেও আন ৰাজ্যৰ দৰে খোৱা পানীৰ সংকটৰ সন্মুখীন হ'ব পাৰে। সেয়েহে অদূৰ ভৱিষ্যতে যাতে খোৱা পানীৰ সংকটৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সক্ষম হয়, তাৰবাবে এতিয়াই পৰ্যাপ্ত পদক্ষেপ লোৱাটো প্ৰয়োজনীয়।
উল্লেখ্য যে, মন্ত্ৰীগৰাকীয়ে অসমৰ জল জীৱন মিছনত ব্যৱহৃত কাৰিকৰী সামগ্ৰী প্ৰদৰ্শন কৰা এখন প্ৰদৰ্শনীও পৰ্যবেক্ষণ কৰে।
আজিৰ অনুষ্ঠানটোত এএমডি জেজেএম মৃদুল দাস, ভাৰপ্ৰাপ্ত মুখ্য অভিযন্তা (পানী) পিএইচইডি দিগন্ত বৰুৱা, ভাৰপ্ৰাপ্ত মুখ্য অভিযন্তা (অনাময়) পিএইচইডি বি এম ৰয় আৰু বিভাগটোৰ অন্যান্য জ্যেষ্ঠ অভিযন্তাসকলো উপস্থিত থাকে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|