মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মতে চালানী আৰু লোকেলৰ সংজ্ঞা কি?

News18-Assam
Updated:October 10, 2019, 6:30 PM IST
মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মতে চালানী আৰু লোকেলৰ সংজ্ঞা কি?
ৰঙাপাৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কি ক’লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

ৰঙাপাৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কি ক’লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

  • Share this:
দুৰ্গা পূজাৰ পিছত ৰাজ্যত এতিয়া আৰম্ভ হৈছে নিৰ্বাচনৰ বতৰ। অহা ২১ অক্টোবৰত ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে ৰঙাপাৰা, ৰাতাবাৰী, সোণাৰী আৰু জনিয়া সমষ্টিত অনুষ্ঠিত হ’ব উপ– নিৰ্বাচন। উপ নিৰ্বাচনৰ বাবে এতিয়া কঁকালত তঙালী বান্ধিছে ৰাজ্যৰ শাসক বিৰোধী সকলোৱেই। বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ।

বৃহস্পতিবাৰে ৰাজ্যৰ বিত্ত তথা গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ’ল ৰঙাপাৰা সমষ্টিত। ৰঙাপাৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে সমষ্টিটোত উপস্থিত হোৱা মন্ত্ৰী হিমন্ত বিশ্বই এইবাৰ আগবঢ়াইছে চালানী আৰু লোকেলৰ নতুন সংজ্ঞা!

সমষ্টিৰ বাহিৰৰ ৰাজেন বৰঠাকুৰক বিজেপিয়ে টিকট দিয়াক কেন্দ্ৰ কৰি সমষ্টিটোৰ অধিকাংশ ভোটাৰ অসন্তুষ্ট। এই সন্দৰ্ভত সাংবাদিকে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰাত হিমন্ত বিশ্ব শৰ্মাই কয় যে, যদি ৰাজেন বৰঠাকুৰেই চালানী তেন্তে ৰকিবুল হুচেইন, বদৰুদ্দিন আজমল কি? যদি ৰাজেন বৰঠাকুৰেই অসমত চালানী, তেন্তে লোকেল কোন?

হিমন্তৰ এনে মন্তব্যই এতিয়া যথেষ্ট চৰ্চা লাভ কৰা দেখা গৈছে।
First published: October 10, 2019, 6:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading