অক্টোবৰ মাহতহে কোৰোণাৰ ভেকচিন ওলোৱাৰ সম্ভাৱনা থকা বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অক্টোবৰ মাহতহে কোৰোণাৰ ভেকচিন ওলোৱাৰ সম্ভাৱনা থকা বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
দক্ষিণ কামৰূপৰ মিৰ্জাত বৃহস্পতিবাৰে বিয়লি উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মিৰ্জাস্থিত পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেল পথাৰত নিৰ্মাণৰত কোভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। ইতিমধ্যেই এই কোভিড কেয়াৰ কেন্দ্ৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ২ আগষ্টত মুকলি কৰিব এই কোভিড কেয়াৰ কেন্দ্ৰ। প্ৰায় সাতশ গৰাকী কোভিড আক্রান্ত ৰোগীক ৰখা হ’ব এই কেন্দ্ৰটোত। এই কোভিড কেয়াৰ কেন্দ্ৰৰ দ্বাৰা গোৱালপাৰা, বকো আৰু দক্ষিণ কামৰূপৰ বিভিন্ন স্থানৰ ৰাইজ উপকৃত হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। অক্টোবৰ মাহতহে কোৰোণাৰ ভেকচিন ওলোৱাৰ সম্ভাৱনা থকা বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|