• Home
  • »
  • News
  • »
  • assam
  • »
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইট আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইট আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামৰূপ সাৰকাৰখানালৈ ১০০ কোটি টকা অনুমোদন জনোৱাকলৈ কৰা এটা টুইটক লৈ এতিয়া সৰৱ হৈ পৰিছে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা।

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামৰূপ সাৰকাৰখানালৈ ১০০ কোটি টকা অনুমোদন জনোৱাকলৈ কৰা এটা টুইটক লৈ এতিয়া সৰৱ হৈ পৰিছে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা।

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামৰূপ সাৰকাৰখানালৈ ১০০ কোটি টকা অনুমোদন জনোৱাকলৈ কৰা এটা টুইটক লৈ এতিয়া সৰৱ হৈ পৰিছে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা।

  • Share this:
বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামৰূপ সাৰ কাৰখানাৰ সন্দৰ্ভত কৰা এটা টুইটক লৈ এতিয়া সৰৱ হৈ পৰিছে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা। উল্লেখযোগ্য যে, ২০০৬ চনতে তেতিয়াৰ সাৰমন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপত উপস্থিত হৈ ঘোষণা কৰিছিল সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ কথা। কিন্তু আজি সেয়া কাৰ্যত ৰূপায়ণ নহ’ল।

ইফালে সাৰকাৰখানাটোৰ প্ৰয়োজনীয় যন্ত্ৰ পাতিৰ ম্যাদ ইতিমধ্যে উকলি যোৱাত বন্ধ হৈ পৰিছে প্ৰথমটো গোট। আনহাতে, দ্বিতীয় গোট এমনিয়া প্লাণ্ট বিস্ফোৰণৰ ফলত বন্ধ হৈ আছে। ফলস্বৰূপে ম্যাদ উকলি যোৱা তৃতীয় গোটে কোনো মতে সাৰ উৎপাদন কৰি আহিছে। কিন্তু সাৰ কাৰখানাটোৰ যন্ত্ৰপাতি মেৰামতিৰ বাবে প্ৰয়োজন হৈছিল ১০০ কোটি টকা। দীৰ্ঘদিন দাবী কৰাৰ অহাৰ পিছতো এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিলে চৰকাৰে। কিন্তু মঙলবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সাৰ কাৰখানাটোৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ১০০ কোটি টকাৰ পেকেজৰ টোকাত চহী কৰা বুলি জনায়।


মন্ত্ৰী হিমন্তৰ এই টুইটক এতিয়া নিৰ্বাচনী টোপ আখ্যা দিছে আছুৰ নেতৃত্বই। ইফালে মন্ত্ৰীৰ টুইটৰ পিছতে সাৰকাৰখানাটোৰ শ্ৰমিক ইউনিয়নৰ প্ৰাক্তন সভাপতিয়ে সাৰ কাৰখানাটোৰ বাবে কৰা এই ঘোষণাই আশাৰ বতৰা কঢ়িয়াই আনিব বুলি মত প্ৰকাশ কৰে। লগতে ১০০ কোটি টকা অতিশীঘ্ৰে কেবিনেটত অনুমোদন কৰিবলৈ দাবী জনায়।

হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটৰ পিছতেই কেন্দ্ৰীয় সাৰমন্ত্ৰী সদানন্দ গৌড়া, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি