আজি হোজাইলৈ যাব হিমন্ত বিশ্ব শৰ্মা, দুটা পৰিয়ালৰ সৈতে গঢ়িব পৰিয়ালৰ সম্পৰ্ক!

দুপৰীয়া জোৰাপুখুৰীত হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ অৱতৰণ হোৱাৰ পিছত তেওঁ উদ্বোধন কৰিব নৱনির্মিত ২০০ বিচনাযুক্ত চৰকাৰী চিকিৎসালয়।
দুপৰীয়া জোৰাপুখুৰীত হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ অৱতৰণ হোৱাৰ পিছত তেওঁ উদ্বোধন কৰিব নৱনির্মিত ২০০ বিচনাযুক্ত চৰকাৰী চিকিৎসালয়।
- News18 Assam
- Last Updated: February 23, 2021, 1:04 PM IST
সভা শেষ কৰি হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ আন এখন কাৰ্যসূচীতো ভাগ ল’ব হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ মাজতে বিশ্ববিদ্যালয়লৈ অহাৰ পথত কৃষ্ণনগৰৰ দুটা গৃহ ক্ৰমে স্বজল দেৱ আৰু পৱন ভীমচেৰীয়াৰ ঘৰত হিমন্ত বিশ্ব শৰ্মাই গঢ়ি তুলিব পৰিয়াল সম্পৰ্ক অভিযান। ঘৰ দুটালৈ হিমন্ত বিশ্ব শৰ্মাৰ আগমনক লৈ ইতিমধ্যে উৎফুল্লিত হৈ পৰিছে গৃহস্থ। একেদৰে ঘৰৰ গৃহস্থই হিমন্তক আদৰিবলৈ হৈ আছে সাজু।