মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ যোগীঘোপাৰ Multi Modal Logistics Parkৰ আধাৰশিলা অনুষ্ঠানত কিয় উপস্থিত নাছিল হিমন্ত বিশ্ব শৰ্মা?

News18 Assam | News18-Assam
Updated:October 21, 2020, 10:53 AM IST
মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ যোগীঘোপাৰ Multi Modal Logistics Parkৰ আধাৰশিলা অনুষ্ঠানত কিয় উপস্থিত নাছিল হিমন্ত বিশ্ব শৰ্মা?
মঙলবাৰে শৰ্মাক জৰুৰীকালীনভাৱে মাতি পঠিয়াইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

মঙলবাৰে শৰ্মাক জৰুৰীকালীনভাৱে মাতি পঠিয়াইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

  • Share this:
মঙলবাৰে যোগীঘোপাত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গডকাৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি আধাৰশিলা স্থাপন কৰিলে Multi Modal Logistics Parkৰ। অনুষ্ঠানটোত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কিন্তু নিমন্ত্ৰণ পত্ৰত নাম উল্লেখ থকাৰ পিছতো কিন্তু যোগীঘোপাত উপস্থিত নাথাকিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচীত অংশগ্ৰহণ নকৰি হিমন্ত বিশ্ব শৰ্মা উৰা মাৰিলে নতুন দিল্লীলৈ। কিন্তু কিয়?

দিল্লীৰ পৰা পৰিচালিত এটা দেশৰ আগশাৰীৰ News Websiteত উল্লেখ কৰা মতে, মঙলবাৰে শৰ্মাক জৰুৰীকালীনভাৱে মাতি পঠিয়াইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ আৰু বিৰোধী দলৰ দলপতি টি আৰ জেলিয়াঙক লগত লৈ শৰ্মা বৈঠকত মিলিত হৈছিল গৃহমন্ত্ৰীৰে। বিষয় আছিল নগা শান্তি চুক্তি। NSCN-IMৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাই এক সাক্ষাৎকাৰত নাগালেণ্ড কেতিয়াও ভাৰতৰ অংগ নহয় আৰু নগাই ভাৰতীয় সংবিধান গ্ৰহণ নকৰে বুলি কৰা মন্তব্যৰ পাছত তাৎপৰ্য বহন কৰিছে এই বৈঠকে।

উল্লেখযোগ্য যে আন শান্তি আলোচনাত মিলিত হোৱা আন নগা ৰাজনৈতিক গোটসমূহে কেন্দ্ৰীয় চৰকাৰৰে চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু বুলি ইতিমধ্যে ঘোষণা কৰিছে। কিন্তু NSCN-IM-এ পৃথক পতাকা আৰু সংবিধানৰ বিষয়টো মীমাংসা নোহোৱালৈ চুক্তিৰ দিশে আগবাঢ়িবলৈ অনিচ্ছা প্রকাশ কৰিছে।

যোৱা ২৩ বছৰে NSCN-IM আৰু ভাৰত চৰকাৰৰ শান্তি আলোচনাই কোনো মীমাংসাত উপনীত হ’ব নোৱাৰাত এতিয়া ভাৰত চৰকাৰে বিচৰা ধৰণে এখন শান্তি চুক্তি বাস্তৱায়িত কৰিবলৈ গৃহমন্ত্ৰীয়ে জড়িত কৰিছে ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক।
Published by: Sanjay Kumar Das
First published: October 21, 2020, 10:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading