সমগ্ৰ দেশতে আকৌ ভয়াৱহ গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত ৯৩ হাজাৰতকৈ অধিক লোক কোৰোণাত আক্ৰান্ত হৈছে। কোৰোণাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মাস্ক তথা হেণ্ড চেনিটাইজ্যাৰ ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্ৱান জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। কোৰোণাৰ দ্বিতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰায় সকলো প্ৰান্ততে সাৱধানতা অৱলম্বন কৰিবলৈ চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছে। ইয়াৰ মাজতে ছ'চিয়েল মিডিয়াত চৰ্চিত হৈছে অসমৰ স্বাস্থ্যমন্ত্ৰীৰ এক সাক্ষাৎকাৰৰ কিয়দাংশ।
সাক্ষাৎকাৰটোত মন্ত্ৰী শৰ্মাক সাংবাদিকে প্ৰশ্ন কৰিছিল যে, কিয় আপুনি মাস্ক পৰিধান নকৰে? আৰু সেই সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে উত্তৰ দি কৈছিল:
'অসমত এতিয়া কোনো ধৰণৰ কোৰোণাৰ পৰিস্থিতি নাই। মাস্ক পৰিধান কৰি মানুহক পুনৰ ভীতিগ্ৰস্ত কৰিব বিচৰা নাই। বছৰ জোৰা ভয়াৱহ পৰিস্থিতিৰ অন্তত অসম এতিয়া অৰ্থনৈতিক ভাবে পুনৰ গা কৰি উঠিছে। মাস্ক পৰিধান কৰি থাকিলে বিউটী পাৰ্লাৰ কেনেদৰে চলিব? পৰিস্থিতি লাহে লাহে স্বাভাৱিক গৈছে। গতিকে পুনৰ মাস্ক পৰিধান কৰি মিছাতে শংকাৰ সৃষ্টি কৰিব বিচৰা নাই।' সেইদৰে অসমত যদি পুনৰ তেনে পৰিস্থিতি আহে, তেতিয়া সংবাদমেল সম্বোধন কৰি পুনৰ নীতি-নিয়ম পালন কৰিবলৈ ক'ব বুলিও কয় মন্ত্ৰী হিমন্তই।
মন্ত্ৰীৰ এই মন্তব্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু একাংশই ট্ৰল কৰা আৰম্ভ কৰে। এতিয়া সেইসকলকো প্ৰত্যুত্তৰ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰযোগে মন্ত্ৰীগৰাকীয়ে কয় যে, 'যিসকলে মাস্কৰ সন্দৰ্ভত মই কৰা মন্তব্যক উপলুঙা কৰিছে, সেইসকল অসমলৈ আহিব লাগে আৰু দিল্লী, কেৰালা আৰু মহাৰাষ্ট্ৰৰ তুলনাত আমি কিদৰে কোৰোণা প্ৰতিৰোধ কৰিছো চাব লাগে। লগতে আমাৰ চমকপ্ৰদ অৰ্থনৈতিক বিকাশো লক্ষ্য কৰিব লাগে। আমি একেই উত্সাহেৰে এইবাৰ ৰঙালী বিহুও উদযাপন কৰিম।'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 04, 2021, 14:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।