জাপানীজ এনচেফেলাইটিছত আক্ৰান্তই চিকিৎসাৰ বাবে পাব ২ লাখ টকাকৈ, ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

২০২১ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব চাংসাৰিত নিৰ্মাণ হৈ থকা AIIMS।

News18-Assam
Updated:October 23, 2019, 1:24 PM IST
জাপানীজ এনচেফেলাইটিছত আক্ৰান্তই চিকিৎসাৰ বাবে পাব ২ লাখ টকাকৈ, ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ
২০২১ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব চাংসাৰিত নিৰ্মাণ হৈ থকা AIIMS।
News18-Assam
Updated: October 23, 2019, 1:24 PM IST
এতিয়াৰে পৰা জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত লোকে চিকিৎসাৰ বাবে লাভ কৰিব ২ লাখ টকাৰ সাহায্য। ১ নৱেম্বৰৰ পৰা সকলোৱে লাভ কৰিব এই সাহায্য। এক সংবাদমেলযোগে এই ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, অটল অমৃত যোজনাৰ অধীনত ICUত থকা যিকোনো ৰোগীয়ে ২ লাখ টকাৰ চিকিৎসা সাহায্য লাভ কৰিব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই। কিশোৰৰ জটিল অস্ত্ৰোপচাৰতো সহায় কৰিব অটল অমৃত যোজনাই।

যোৰহাট মেডিকেল কলেজ হাস্পতালত শিশুৰ মৃত্যুৰ ঘটনাক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে এই ঘটনাক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ। চৰকাৰী হাস্পতালত জোখতকৈ অধিক ৰোগী আহিছে। নৱজাতকৰ মৃত্যুৰ হাৰ পূৰ্বতকৈ ১২ শতাংশ কমিছে। প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলিও মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

‘কেৰালাৰ দৰে হ’ব ৰাজ্যৰ স্বাস্থ্য বিভাগ। ICUৰ সংখ্যা বৃদ্ধি কৰা হ’ব হাস্পতালত। ২০২১ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব চাংসাৰিত নিৰ্মাণ হৈ থকা AIIMS।’ – সংবাদমেলত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি