উচিত সময়ত সঠিক সিদ্ধান্ত লৈছে...,লুৰিণজ্যোতিক নিজৰ সৈতে তুলনা কৰি প্ৰশংসা কৰি কি ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই?

News18 Assam | News18-Assam
Updated:December 1, 2020, 4:31 PM IST
উচিত সময়ত সঠিক সিদ্ধান্ত লৈছে...,লুৰিণজ্যোতিক নিজৰ সৈতে তুলনা কৰি প্ৰশংসা কৰি কি ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই?
ফাইল ফটো

আমিন গাঁৱত অৰূণোদয় আঁচনিৰ হিতাধিকাৰীক চেক বিতৰণ কৰি সাংবাদিকৰ সতে মত বিনিময়ত এইদৰে কয় মন্ত্ৰীজনে। আমিনগাঁও নুমলী জলাহ খেল পথাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আনুষ্ঠানিকভাৱে এই আঁচনি খন মুকলি কৰে।

  • Share this:
কা’ আন্দোলনৰ ভৰপক সময়ত দুয়োৰে বাক–বিতণ্ডা আছিল তুংগত। আছুৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱাৰ সময়ত সততে তীক্ষ্ণ বাক্যবান এৰিছিল মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ। প্ৰত্যুত্তৰত মন্ত্ৰীজনেও ‘গগৈ’লৈ ভয় নকৰাৰ দৰে মন্তব্য কৰি লুৰিণজ্যোতিক ক্ষুৰধাৰ আক্ৰমণ কৰিছিল। পিছে সেই অধ্যায়ৰ পিছত এতিয়া লুৰিণজ্যোতিয়ে আছু এৰাৰ পিছত যেন সুৰ সলাইছে মন্ত্ৰী শৰ্মাই! লুৰিণজ্যোতিৰ সিদ্ধান্তক প্ৰশংসা মন্ত্ৰীৰ। মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ আছুৰ সন্দৰ্ভত টিপ্পণী। লুৰিণ জযোতি গগৈক আদৰণি জনাই হিমন্ত বিশ্বই ক’লে, ‘লুৰিণে উচিত সময়ত সঠিক সিদ্ধান্ত লৈছে। মতাদৰ্শ বেলেগ হ’লেও সঠিক কামেই কৰিছে । এসময়ত ময়ো আছু ত্যাগ কৰি ৰাজনীতিত প্ৰবেশ কৰিছিলো।’

আছু কৰ্মীৰ বয়স নিৰ্দ্ধাৰণ কৰি মন্ত্ৰী হিমন্ত বিশ্বই আছুত ত্ৰিশ বছৰৰ বেছি বয়সলৈ থাকিব নালাগে বুলি ক’লে। আমোদজনকভাৱে সমুজ্জ্বল ভট্টাচাৰ্য সম্পৰ্কত মৌনতা প্ৰকাশ কৰি তেওঁ কয়, ‘আছু বোৱতী নদীৰ লেখীয়া হ’ব লাগে। এচাম ওলাব এচাম সোমাব লাগে । বিয়া–বাৰু হ’লে আছুৰ নিয়ম অনুসৰি আছু এৰিব লাগে । তেতিয়া অনুষ্ঠানটোৰ পবিত্ৰতা থাকে।’

আমিন গাঁৱত অৰূণোদয় আঁচনিৰ হিতাধিকাৰীক চেক বিতৰণ কৰি সাংবাদিকৰ সতে মত বিনিময়ত এইদৰে কয় মন্ত্ৰীজনে। আমিনগাঁও নুমলী জলাহ খেল পথাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আনুষ্ঠানিকভাৱে এই আঁচনি খন মুকলি কৰে।
First published: December 1, 2020, 4:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading