সংস্কৃত টোল–মাদ্ৰাছাক লৈ পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ, ক’লে – টোল আৰু মাদ্ৰাছা বন্ধ হ’ব কিন্তু...

‘মোৰ মাই টোলসমূহ ঘূৰা নাই, টোলত কেনেকৈ শিক্ষা দিয়া হয় নাজানে।’ – হিমন্ত বিশ্ব শৰ্মা।
‘মোৰ মাই টোলসমূহ ঘূৰা নাই, টোলত কেনেকৈ শিক্ষা দিয়া হয় নাজানে।’ – হিমন্ত বিশ্ব শৰ্মা।
- News18 Assam
- Last Updated: March 12, 2020, 12:37 PM IST
সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তক হিমন্ত বিশ্ব শৰ্মাৰ মাতৃয়ে বিৰোধিতা কৰাক লৈ মন্ত্ৰীগৰাকীয়ে কয় – ‘মোৰ মাই টোলসমূহ ঘূৰা নাই, টোলত কেনেকৈ শিক্ষা দিয়া হয় নাজানে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ ফলত কোনো লোকৰ চাকৰি নাযায় বুলিও মন্তব্য কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে।