পৰেশ বৰুৱাৰ সঁহাৰি ইতিবাচক বুলি কৈ হিমন্ত বিশ্বই ক’লে – ৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিম

News18 Assam | News18-Assam
Updated:January 31, 2020, 8:08 AM IST
পৰেশ বৰুৱাৰ সঁহাৰি ইতিবাচক বুলি কৈ হিমন্ত বিশ্বই  ক’লে – ৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিম
২০২৪ৰ ভিতৰত সমগ্ৰ উত্তৰ-পূবৰ সশস্ত্ৰ বিদ্ৰোহীক আনিম আলোচনাৰ মেজলৈ : হিমন্ত

২০২৪ৰ ভিতৰত সমগ্ৰ উত্তৰ-পূবৰ সশস্ত্ৰ বিদ্ৰোহীক আনিম আলোচনাৰ মেজলৈ : হিমন্ত

  • Share this:
পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবলৈ নেডাৰ আহ্বায়ক তথা বিত্ত ও স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ৭ ফেব্ৰুৱাৰীত কথা পাতিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে৷ আলফা (স্বাধীন)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাই ইতিমধ্যে News18ৰ জৰিয়তে ঘোষণা কৰিছে নিজৰ স্থিতি৷ ঘোষণা কৰিছে সংগঠনৰ ছিংগল পইণ্টৰ এজেণ্ডাৰ কথা৷

পৰেশ বৰুৱাই দিয়া ছিংগল পইণ্ট এজেণ্ডা মতে, আলোচনা হ'ব লাগিব 'সাৰ্বভৌম স্বাধীন অসম'ৰ ওপৰত৷ এই ছিংগল পইণ্ট এজেণ্ডা মানি ল'লেই আলোচনা লৈ আহিব আলফা (স্বাধীন)৷ ইয়াৰ বাবে ভাৰত চৰকাৰে “ছিংগল পইণ্ট এজেণ্ডা (সাৰ্বভৌম স্বাধীন অসম)ক লৈ আলোচনাৰ বাবে আমন্ত্ৰণ জনালো” বুলি এখন চিঠি দিয়ক বুলি সদৰি কৰিছে৷

এই বিষয়ক লৈ বৃহস্পতিবাৰে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই ক'লে, “পৰেশ বৰুৱাই সংবাদ মাধ্যমক দিয়া বিবৃতিটো আলোচনাৰ বাবে ইতিবাচক সঁহাৰি যেন অনুভৱ কৰিছো৷ আমি তেওঁৰ কথাবোৰ নিৰীক্ষণ কৰি আছো আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়েও পৰ্যবেক্ষণ কৰি আছে৷ অৱশ্যে তেওঁৰ মূল দাবী স্বাধীনতাৰ বিষয়টো এটা জটিল বিষয়৷ তথাপিও আমি আশাবাদী৷”

“কেৱল আলফা (স্বাধীন)–এ নহয়, মণিপুৰৰ সকলো বিদ্ৰোহী সংগঠনকে আমি আলোচনাৰ মেজলৈ আনিবলৈ চেষ্টা কৰিম৷ ২০২৪ৰ ভিতৰত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সপোনক সাকাৰ কৰিবলৈ সকলো সশস্ত্ৰ বিপ্লৱী সংগঠনক আলোচনাৰ মেজলৈ আনিবলৈ প্ৰচেষ্টা আৰম্ভ কৰিম,” ক'লে হিমন্ত বিশ্ব শৰ্মাই৷

ইপিনে পৰেশ বৰুৱাৰ ছিংগল পইণ্ট এজেণ্ডাৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই ক'লে, “অহা ৭ ফেব্ৰুৱাৰীত কোকোৰাঝাৰলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আহিলে আমি পৰেশ বৰুৱাৰ চৰ্তক লৈ আলোচনা কৰিম৷ আমি আশাবাদী যে ফল ভালেই হ'ব৷”
আৰু চাওক
পৰৱৰ্তী বাতৰি