১৮৯৮ চনত বৰগাঙৰ বৰভীল চাহ বাগিচাত প্ৰতিষ্ঠা কৰা হৈছিল মা কালীৰ এভাগ মন্দিৰ৷ সেই সময়ত ৰাজ্যৰ চৌদিশে আছিল মহামাৰী কলেৰাৰ প্ৰকোপ আৰু বহু মানুহৰ মৃত্যু হৈছিল কলেৰাত৷ প্ৰবাদ অনুসৰি এই কালী মাৰ মন্দিৰত পূজা–অৰ্চনা কৰি সেৱা আগবঢ়োৱাৰ পিছতে কলেৰাৰ প্ৰকোপ প্ৰশমন হ’বলৈ ধৰিছিল৷ আজি বৰগাঙৰ এই কালী মন্দিৰৰ পূজাত অংশগ্ৰহণ কৰি ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক জনালে পুৰণি ইতিহাসসমৃদ্ধ এই তথ্য৷
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কালি ভূমিকম্প, ৰাতি ভূমিকম্প আৰু চাৰিওফালে কোভিড, তাৰ মাজতে ৰাইজৰ বাবে আশাৰ বাতৰি আহক, মানুহে এটা ভাল পৰিৱেশ পাওক, অসমখন শান্তিৰ হওক তাৰ কামনাৰে বৰগাঙৰ কালী মন্দিৰত আজি তেওঁ সেৱা জনালে৷
আনহাতে ভূমিকম্পৰ ফলত গুৱাহাটীৰ অন্যান্য লোকসকলৰ দৰে ক্ষতিগ্ৰস্ত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহও৷ মন্ত্ৰীগৰাকীৰ বাসগৃহৰ ঘৰত বহু সামগ্ৰী নষ্ট হৈছে৷ ইমান ডাঙৰ ভুুূমিকম্প হোৱাৰ পিছতো যিধৰণে ক্ষয়–ক্ষতি হ’ব বুলি ভবা হৈছিল তেনে ধৰণৰ বিপদৰ পৰা হাত সৰাৰ বাবে মা কালীৰ আশিস ল’লেহি মন্ত্ৰীগৰাকীয়ে৷
পূজাৰ অন্তত সাংবাদিকৰে হোৱা কথা–বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘নিৰ্বাচনৰ ফলাফলক লৈ একো সন্দেহ নাই৷ ভগবানে জানে অসমখন কাৰ হাতত সুৰক্ষিত আৰু যোগ্যজনক ভগবানে আশীৰ্বাদ নিশ্চয় দিব৷ মা কালীয়ে সকলো জানে৷ কোনজন ল'ৰাক মৰম কৰিব লাগে মায়ে জানে৷ গতিকে মাৰ পৰা বেছি বিচাৰি থকাৰ প্ৰয়োজন নাই৷’’
ৰিপুণ বৰাই চৰকাৰ গঠন কৰিম বুলি কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে ফুটবল খেল এখন খেলিম বুলি ওলাই আহিলে সকলোৱে যিকিম বুলি কয়৷ তাত আচৰিত হ’বলগীয়া একো নাই৷ দুই তাৰিখে ফলাফল ওলোৱাৰ পিছত সকলো স্পষ্ট হ’ব আৰু ফলাফলৰ আগলৈকে আমি নিজকে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী বুলি ভাবি থকাত একো অসুবিধা নাই বুলি ৰিপুণ বৰাক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে৷
ইফালে কোৰোণাৰ প্ৰভাৱ ১৫ মে’ৰ ভিতৰত বহুখিনি শাম কাটিব বুলি উল্লেখ কৰা মন্ত্ৰী গৰাকীয়ে লকডাউনৰ কোনো সম্ভাৱনা নাই বুলি লগতে উল্লেখ কৰে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|