ৰাজ্যৰ পৰিৱেশ খুবেই বেয়া, ভেকচিন নহালৈ বৃহৎ প্ৰত্যাহ্বান, ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

যোৰহাট, ডিব্ৰুগড়, শিলচৰ, গুৱাহাটী, কামৰূপৰ বিভিন্ন স্থানত আই চি ইউ বহুওৱাৰ কাম চলি আছে। জি এম চি এইচত ৪০খন আই চি ইউ বৃদ্ধি কৰা হ’ব।
যোৰহাট, ডিব্ৰুগড়, শিলচৰ, গুৱাহাটী, কামৰূপৰ বিভিন্ন স্থানত আই চি ইউ বহুওৱাৰ কাম চলি আছে। জি এম চি এইচত ৪০খন আই চি ইউ বৃদ্ধি কৰা হ’ব।
- News18 Assam
- Last Updated: September 13, 2020, 9:02 PM IST
সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কয় যে জি এম চি এইচত বেছিভাগ ৰোগী আই চি ইউত আছে। ৫০জন ৰোগী এতিয়া জি এম চি এইচৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত সংকটজনক অৱস্থাত আছে। আজি জি এম চি ইছত আঠজন ৰোগীৰ মৃত্যু হৈছে। ইয়াৰে চাৰিজন ৰোগীয়ে শেষ মুহূৰ্তত ঘৰৰ পৰা আহিছিল। অর্থাৎ তেওঁলোক হম আইচ’লেচনত আছিল বা ঘৰতে লুকাই ৰাখিছিল, জ্বৰ হৈ আছিল। অক্সিজেন কমাৰ বাবে হাস্পতাললৈ অহাত একৰ পৰা ডেৰ ঘণ্টাৰ ভিতৰত মৃত্যু হৈছে।
‘‘যিসকলে হোম আইচ’লেচনত আছে বা জ্বৰ হৈ আছে, তেওঁলোকে সময় নষ্ট নকৰি চিকিৎসালয়লৈ আহক। ৰাজ্যৰ পৰিবেশ খুবেই বেয়া। হোম আইচ’লেচনত থকাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে। হোম আইচ’লেচনৰ নিয়ম মনা নাই। যোৱা তিনিটা দিনত ২০ৰ পৰা ৩০জন ৰোগীৰ মৃত্যু হৈছে।’’ – ক’লে হিমন্ত বিশ্ব শৰ্মাই।
লগতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সোমবাৰে ২০০ আই চি ইউ টেকনিচিয়ান, এক হাজাৰ নাৰ্ছ নিযুক্তি দিয়া হ’ব। অক্টোবৰ মাহত পৰিস্থিতি জটিল হোৱাৰ সম্ভাৱনা থকাৰ বাবে এই ব্যবস্থা কৰা হৈছে। বৰ্তমান নিযুক্তি পোৱাসকল প্ৰশিক্ষণ থাকিব, এক অক্টোবৰৰ পৰা বিভিন্ন স্থানলৈ যাব।
যোৰহাট, ডিব্ৰুগড়, শিলচৰ, গুৱাহাটী, কামৰূপৰ বিভিন্ন স্থানত আই চি ইউ বহুওৱাৰ কাম চলি আছে। জি এম চি এইচত ৪০খন আই চি ইউ বৃদ্ধি কৰা হ’ব। ১৬০০ চিকিৎসা কৰ্মী কোভিডৰ লগত জড়িত আছে। ইয়াৰে জি এম চি এইচৰ ৫০০ চিকিৎসক কোভিডত আক্ৰান্ত হৈছে। ক’লে মন্ত্ৰীগৰাকীয়ে।
লকডাউন মানুহে নামানে, লকডাউন সমস্যাৰ সমাধান নহয়। হোম আইছ’লেচনত থকাসকল বহুত পলমকৈ ৰিপ’ৰ্ট কৰিছে, সেয়া অতি বিপদৰ কথা। হোম আইছ’লেচন বন্ধ কৰিলে মানুহে আপত্তি কৰে। হোম আইছ’লেচনত নথকা সময়ত মৃত্যু সংখ্যা কম হৈ আছিল। ভেকচিন নহালৈ বৃহৎ প্ৰত্যাহ্বান।