অসমত কেতিয়াৰ পৰা প্ৰদান কৰা হ’ব কোভিড–১৯ৰ ভেকচিন? আজি নিশ্চিত হোৱাৰ সম্ভাৱনা

অহা ১৬ জানুৱাৰীৰ পৰা ভাৰতত কোভিড–১৯ ভেকচিন প্ৰদানৰ কাম আৰম্ভ হ’ব।
অহা ১৬ জানুৱাৰীৰ পৰা ভাৰতত কোভিড–১৯ ভেকচিন প্ৰদানৰ কাম আৰম্ভ হ’ব।
- News18 Assam
- Last Updated: January 11, 2021, 11:36 AM IST
বৰ্তমান সকলোৰে মনত প্ৰশ্ন জাগিছে যে অসমত এই ভেকচিন কেতিয়াৰ পৰা প্ৰদান কৰা হব! স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, আজি (সোমবাৰ) দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক আলোচনাত মিলিত হ’ব।
এই আলোচনাতে এই কথা নিশ্চিত হ’ব যে অসমত কেতিয়াৰ পৰা ভেকচিন প্ৰদান কৰা হ’ব। বৈঠকৰ অন্তত এই সন্দৰ্ভত সকলো কথা ৰাইজক অৱগত কৰিব পৰা যাব বুলি জানিবলৈ দিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।