লক ডাউনত অসমৰ কি পৰিৱেশ হ'ব? বিধানসভাত অসহায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 

News18 Assam | News18-Assam
Updated:March 24, 2020, 12:49 PM IST
লক ডাউনত অসমৰ কি পৰিৱেশ হ'ব? বিধানসভাত অসহায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 
ফাইল ফটো

‘বিজ্ঞানে কোৰোণাৰ সমস্যা সমাধান কৰিব নোৱাৰিলে জটিল ৰূপ ল'ব সমাজত৷ সেয়ে এই বাজেটৰ ৰূপৰেখা সময়ত সলনি হৈ যাব পাৰে৷’

  • Share this:
কোৰোণা ভাইৰাছৰ ব্যাপক সংক্ৰমণক লৈ আজি সন্ধিয়া ছয় বজাৰ পৰা ৩১ মাৰ্চৰ নিশা বাৰ বজালৈ সমগ্ৰ অসম লক ডাউন হ'ব৷ এই সময়ছোৱাত অসমৰ পৰিৱেশ কেনেকুৱা হ'ব? সেই লৈ অসম বিধানসভাৰ মজিয়াত শংকা ব্যক্ত কৰিলে স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

ড০ শৰ্মাই ক'লে, “লক ডাউন সাত দিন হ'ব৷ ৰাইজৰ মাজত হাহাকৰ হ'ব৷ উপায় নাই৷ এইবাৰ বিহু পালন কৰাতেই সমস্যা হ'ব৷ বিজ্ঞানে কোৰোণাৰ সমস্যা সমাধান কৰিব নোৱাৰিলে জটিল ৰূপ ল'ব সমাজত৷ সেয়ে এই বাজেটৰ ৰূপৰেখা সময়ত সলনি হৈ যাব পাৰে৷”

“কি পৰিৱেশ হ'ব গৈ কোনেও নাজানে আজিৰ তাৰিখত৷ ভাৰত চৰকাৰে আমাক দুৰ্দিনত সহায় কৰিব পাৰিবনে নাই এতিয়াই ক'ব নোৱাৰি৷ আমি একত্ৰিত হ'ব লাগিব৷ আজি সন্ধিয়া ছয় বজাৰ পৰা সমগ্ৰ ৰাজ্য লক ডাউন হ'ব৷ সকলোৱে অত্যাৱশ্যকীয় সামগ্ৰী কিনিব পাৰিবনে নাই ক'ব নোৱাৰি৷ বিধায়কসকলৰ বিধায়ক ফাণ্ড দিব পৰা যাৱ নে নাই ক'ব নোৱাৰি আজিয়েই৷ কিয়নো এই দুৰ্দিন কেতিয়া শেষ হয় কোনেও নাজানে,” সদনত ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

সকলোৰে পৰা সহায়-সহযোগিতা কামনা কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই ক'লে, “কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যৰ আৰ্থিক অৱস্থা কি হ'ব কোনেও ক'ব নোৱাৰে৷ ৰাজ্যৰ শ্ৰমিকসকলক কেনেদৰে দৈনন্দিন মজুৰি প্ৰদান কৰিব, তাৰ কোনো মেকানিজিম চৰকাৰৰ হাতত নাই৷ উজলা আঁচনিৰ ৩৫লাখ, চাহ শ্ৰমিকৰ আঠ লাখ, শ্ৰমিক উন্নয়ন কল্যাণ পৰিষদৰ ৩৫-৪০ লাখ একাউণ্ট আছে৷ প্ৰয়োজনত সেই একাউণ্টসমূহ ব্যৱহাৰ কৰিব চৰকাৰে৷”
আৰু চাওক
পৰৱৰ্তী বাতৰি