অসমত পুনৰ কোৰোণাৰ সংক্ৰমণ, আকৌ হ’ব নেকি লকডাউন? কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?

News18 Assam | News18-Assam
Updated:February 23, 2021, 3:54 PM IST
অসমত পুনৰ কোৰোণাৰ সংক্ৰমণ, আকৌ হ’ব নেকি লকডাউন? কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?
সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰিবলৈ ৰাইজলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ।

সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰিবলৈ ৰাইজলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ।

  • Share this:
অসমত শেহতীয়াকৈ কোৰোণাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হোজাইত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় – ‘‘কোৰোণাৰ সংক্ৰমণ হোৱাৰ খবৰ অলপ বেছিকৈ ওলাইছে। যোৱাকালি ১৪জন আৰু পৰহি ৭জন আক্ৰান্ত হৈছে, গতিকে চিন্তাৰ কাৰণ নাই।

মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিদিনে ৩৫০০ আক্ৰান্ত হোৱাৰ সময়ত আমি লকডাউন দিয়া নাই।১৪ আৰু ৭জন আক্ৰান্ত হ’লে কি লকডাউন হ’ব। নতুন কোভিড প্ৰটকলৰ একো প্ৰয়োজন নাই।

সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰিবলৈ ৰাইজলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। ৰাইজক আতংকিত নহ’বলৈও আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। কিবা প্ৰয়োজন থাকিলে জনাম বুলিও ক’লে হিমন্ত বিশ্বই।
Published by: Sanjay Kumar Das
First published: February 23, 2021, 3:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি