'২১ৰ নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় সমষ্টি পুনঃনিৰ্ধাৰণ! কিয় ক'লে হিমন্ত বিশ্ব শৰ্মাই?

মঙলবাৰে দেশৰ নিৰ্বাচন আয়ুক্তই ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ ২০২১ৰ মাৰ্চৰ ভিতৰত সমষ্টি পুনঃনিৰ্ধাৰণ হোৱাৰ ইংগিত দিছিল ৷
মঙলবাৰে দেশৰ নিৰ্বাচন আয়ুক্তই ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ ২০২১ৰ মাৰ্চৰ ভিতৰত সমষ্টি পুনঃনিৰ্ধাৰণ হোৱাৰ ইংগিত দিছিল ৷
- News18 Assam
- Last Updated: September 10, 2020, 4:37 PM IST
মঙলবাৰে দেশৰ নিৰ্বাচন আয়ুক্তই ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ ২০২১ৰ মাৰ্চৰ ভিতৰত সমষ্টি পুনঃনিৰ্ধাৰণ হোৱাৰ ইংগিত দিছিল ৷ ইয়াৰ পিছতেই পুনৰ চৰ্চালৈ আহে বিষয়টো৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে মুখ খুলিলে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷
News18ৰ তৰফৰ পৰা কৰা এক প্ৰশ্নৰ উত্তৰত ড০ হিমন্ত বিশ্ব শৰ্মাই ক'লে- “২০২১ৰ নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় সমষ্টি পুনঃনিৰ্ধাৰণ৷ সমষ্টি পুনঃনিৰ্ধাৰণৰ বাবে প্ৰয়োজন আছে গাইড লাইনৰ সংশোধনৰ৷ সেয়া লোকসভাত সংশোধন হ'ব লাগিব৷”
উল্লেখযোগ্য যে সমষ্টি পুনঃনিৰ্ধাৰণ হ'লে বহু মন্ত্ৰী-বিধায়কে হেৰুৱাব নিজৰ সমষ্টি৷ যাক লৈ সন্দিহান গৰিষ্ঠসংখ্যক ৰাজনৈতিক নেতা৷