‘এতিয়া CAA বিৰোধী আন্দোলন চলা নাই, বিজেপি উৎখাতৰহে অভিযান চলিছে’ – হিমন্ত বিশ্ব

News18 Assam | News18-Assam
Updated:January 9, 2020, 1:37 PM IST
‘এতিয়া CAA বিৰোধী আন্দোলন চলা নাই, বিজেপি উৎখাতৰহে অভিযান চলিছে’ – হিমন্ত বিশ্ব
প্ৰধানমন্ত্ৰী মোদী ফেব্ৰুৱাৰী–মাৰ্চতহে অসমলৈ আহিব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। সেয়া মোদীৰ ৰাজনৈতিক ভ্ৰমণ হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰী মোদী ফেব্ৰুৱাৰী–মাৰ্চতহে অসমলৈ আহিব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। সেয়া মোদীৰ ৰাজনৈতিক ভ্ৰমণ হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

  • Share this:
আজি এক সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়া ৰাজ্যত CAA বিৰোধী আন্দোলন চলা নাই, বিজেপি উৎখাতৰহে অভিযান চলিছে। CAA বিৰোধী আন্দোলন আৰু বিজেপিৰ শান্তি সমদল সন্দৰ্ভত মন্ত্ৰী হিমন্তই ক'লে – ‘আমিটো জাতিদ্ৰোহী মানুহ, আমাৰ সমদলত লাখ মানুহ হ’লেও পেপাৰত তৃতীয় হেডলাইন হয়৷ আমি পৰহি CAAৰ কথা ক’ম৷ বিহুৰ আগত ক’ম৷ বহু কথা কবলগীয়া আছে ৷ ড০ নগেন শইকীয়া ছাৰৰ ওপৰত ক’বলগীয়া আছে ৷ তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ ওপৰতো ক’বলগীয়া আছে।’

‘মই গৃহমন্ত্ৰী অমিত শ্বাহক লগ কৰিম৷ সীতাই যেনেকৈ পবিত্ৰতাৰ প্ৰমাণ দিবলৈ অগ্নিকুণ্ডত প্ৰৱেশ কৰিছিল, তেনেকৈ নাগৰিকত্ব বিচৰাসকলে আৱেদন কৰিলেই কিমানৰ নাম সোমাব প্ৰমাণ ওলাব৷ আমি কৈছো পাঁচ লাখতকৈ বেছি নোসোমাই৷ বেছি সোমালে ৰাজনীতি এৰিম৷’ – মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া চলা আন্দোলনত যিমানবোৰ কথা কোৱা হ’ল, সেইবোৰে ভৱিষ্যতে অসমীয়া জাতিক ক’ত থ’ব সেয়া জানিব লাগিব৷ আমি নিৰ্বাচনৰ আগতেই কৈছিলো, আমি কৈয়ে কৰিছো৷ ৰাইজক নোকোৱাকৈ একো কৰা নাই।

সংবাদমেলত মন্ত্ৰী শৰ্মাই খেল’ ইণ্ডিয়াত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী বাতিল সন্দৰ্ভত ক'লে, ‘খেল’ ইণ্ডিয়াত প্ৰধানমন্ত্ৰী আহিব বুলি কোৱা নাছিল৷ তেওঁ আহিব বুলি জনোৱাই নাছিল৷ ৰাজ্য চৰকাৰক জনোৱা নাছিল৷ আমি মাতিছিলোঁ, কিন্ত আহিম বুলি জনোৱা নাছিল৷ এয়া সংবাদ মাধ্যমৰহে খবৰ৷’

আনহাতে, প্ৰধানমন্ত্ৰী মোদী ফেব্ৰুৱাৰী–মাৰ্চতহে অসমলৈ আহিব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। সেয়া মোদীৰ ৰাজনৈতিক ভ্ৰমণ হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি