ডিচেম্বৰৰ পূৰ্বে অনুষ্ঠিত নহয় বিটিচি নিৰ্বাচন, ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অচিৰেই আহ্বান কৰিব এক সৰ্বদলীয় বৈঠকৰ৷ বৈঠকৰ অন্তত গ্ৰহণ কৰিব সিদ্ধান্ত৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অচিৰেই আহ্বান কৰিব এক সৰ্বদলীয় বৈঠকৰ৷ বৈঠকৰ অন্তত গ্ৰহণ কৰিব সিদ্ধান্ত৷
- News18 Assam
- Last Updated: September 25, 2020, 1:12 PM IST
অৱশ্যে যদি নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্য লয় তেন্তে নিশ্চয়কৈ নিৰ্বাচন আয়োগে বিহাৰৰ নিৰ্বাচন পৰ্যবেক্ষণ কৰিব লাগিব৷ বিহাৰৰ পৰিৱেশ পৰ্যবেক্ষণ কৰাৰ পাছত সিদ্ধান্ত ল’ব পাৰিব৷
ইপিনে, শেহতীয়া বড়ো চুক্তি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে আলোচনাৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্বৰ মন্তব্য – সলনি হ’ল BTADৰ নাম৷ এতিয়াৰে পৰা BTR ৰূপে পৰিচিত হ’ব BTAD৷ এই সন্দৰ্ভত ইতিমধ্যে অনুমোদন দিছে ৰাজ্যপালে৷ বিটিচিৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত গঠন হ’ব আয়োগ৷ BTCৰ সীমান্তত থকা ৫০ শতাংশ অবড়ো লোক থকা গাঁৱৰ লোকে বিটিচিৰ পৰা ওলাই অহাৰ বাবে আবেদন কৰিব পাৰিব। একেদৰে BTCৰ সীমান্তত থকা ৫০ শতাংশ বড়ো লোকৰ গাঁও বিটিচিত প্ৰবেশৰ সুযোগ লাভ কৰিব৷ ইয়াৰ বাবে পি পি বাৰ্মাৰ নেতৃত্বত গঠন হ’ব ৩ জনীয়া কমিটী৷ এই আয়োগৰ কাৰ্যকাল হ’ব ৬ মাহ৷ আয়োগে BTRৰ আসন বৃদ্ধি, সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত চৰকাৰক পৰামৰ্শ প্ৰদান কৰিব৷