‘BTCৰ পৰা অনাবড়ো গাঁও ওলাই যোৱাৰ ব্যৱস্থা কৰা হ’ব, অন্তৰ্ভুক্ত হ’ব নতুন গাঁও’

Sanjay Kumar Das | News18-Assam
Updated:January 30, 2020, 12:29 PM IST
‘BTCৰ পৰা অনাবড়ো গাঁও ওলাই যোৱাৰ ব্যৱস্থা কৰা হ’ব, অন্তৰ্ভুক্ত হ’ব নতুন গাঁও’
আলফা স্বাধীনকো মুকলি আলোচনাৰ বাবে আগবাঢ়ি অহাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ।

আলফা স্বাধীনকো মুকলি আলোচনাৰ বাবে আগবাঢ়ি অহাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ।

  • Share this:
আজি এনডিএফৰি চাৰিওটা গোটে আনুষ্ঠানিকভাৱে সম্বৰন কৰিলে অস্ত্ৰ। জিএমচিএইচ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় অস্ত্ৰ সম্বৰণ অনুষ্ঠানৰ। এই অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো অসমবাসী আৰু ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। আজি এনডিএফবিৰ চাৰিওটা গোটে অস্ত্ৰ সম্বৰণ কৰিছে। এয়া সম্ভৱ এইবাবেই হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ–পূবৰ বাবে নতুন সপোন দেখিছিল। উত্তৰ–পূবক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হ’ব বুলি আশা কৰিছিল মোদীয়ে।

‘কিছুদিন পূৰ্বে ব্ৰু শৰণাৰ্থীসকলক সংস্থাপন দিয়া হৈছে। এতিয়া NDFBৰ চাৰিওটা গোটৰ যি সংগ্ৰাম আছিল সেয়া অন্ত পৰিল। অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি এই চুক্তি স্বাক্ষৰ কৰা হৈছে।’ – মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।



বড়োলেণ্ডলৈ স্থায়ী শান্তি অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনায় হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয়, ‘অহা ৭ তাৰিখে কোকোৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী মোদী৷ বড়োলেণ্ডত বসবাস কৰা সকলোৱে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনাবলৈ আহ্বান জনালো৷’



‘আজিৰ দিনত NDFBৰ সশস্ত্ৰ সংগ্ৰামৰ কালত যিসকল নিৰীহই জীৱন দিবলগীয়া হ’ল, তেওঁলোকক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছো৷ সেনা, অৰ্ধসামৰিক বাহিনী, অসম আৰক্ষীৰ বহুতে জীৱন দিবলগীয়া হ’ল। তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰিছো৷ অসম অখণ্ড হৈ থকাৰ লগতে বড়ো ৰাইজৰ দাবী আজি পূৰণ হ’ল৷



‘BTCৰ পৰা অনা-বড়ো গাঁও ওলাই যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ নতুন বড়ো গাঁও সংলগ্ন কৰিম৷ অহা বিধান সভাৰ অধিৱেশনত বড়োলেণ্ডৰ বাহিৰত থকা বড়ো ৰাইজৰ বাবে বড়ো-কছাৰী কাউন্সিল গঠনৰ বিল আনিম৷ আমি আলফা স্বাধীনকো মুকলি আলোচনাৰ বাবে আহ্বান জনালো৷ আমি সকলো NDFB নেতা-কেডাৰক সংস্থাপনৰ বাবে এক বিশেষ আঁচনি গ্ৰহণ কৰিম।’ – অনুষ্ঠানত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি