আৰু কেইটামান মাহ পিছতে আহি আছে বিধানসভা নিৰ্বাচন। নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসক–বিৰোধী প্ৰতিটো ৰাজনৈতিক দল। চলিছে মিত্ৰজোঁট–মহাজোঁট বন্ধনৰ অংক। তাৰ মাজতে বিভিন্ন মাধ্যমত চৰ্চা চলিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ। কেতিয়াবা যদি হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলা–নেখেলাক লৈ চৰ্চা, কেতিয়াবা আকৌ মুখ্যমন্ত্ৰিত্বক লৈ চৰ্চা। তাৰ মাজতে আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এক ডাঙৰ ইংগিত।
২০২১ত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আগ্ৰহ নাই হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল বিজেপি দলে ১০০খন আসনৰ সৈতে চৰকাৰ গঠন কৰাটোতহে গুৰুত্ব দিব তেওঁ। আজি এক টুইটযোগে এই ইংগিত দিলে মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি লিখিছে, ‘‘কিছুমান মানুহে ভাবিছে যে মই কোনো পদ বা স্থানৰ পিছত পৰি আছো। মোৰ একমাত্ৰ আকাংক্ষা হৈছে ১০০ আসনৰ সৈতে বিজেপি চৰকাৰ। মই কেইবামাহ ধৰি মই অন্তৰৰ সন্তুষ্টিৰ বাবে মোৰ ৰাজ্যখনৰ বাবে যিমান পাৰো কাম কৰিছো।’’
‘‘মই আগতেই বিভিন্ন সামাজিক মাধ্যমত ইংগিত দিছো যে মই পৰৱৰ্তী বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগ্ৰহী নহয়। দল আৰু ৰাজ্যৰ বাবে মই কি কৰিব পাৰো সেয়াহে মোৰ ভূমিকা হ’ব। অসমৰ ভৱিষ্যতৰ বাবে আমাক এখন শক্তিশালী ৰাষ্ট্রীয় চৰকাৰ লাগিব।’’ – মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।