পুনৰ আক্ৰমণাত্মক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বৰছলাত ক’লে – কোনো কাৰণতে কংগ্ৰেছ-AIUDFৰ চৰকাৰ নহয়, অসমত মাদ্ৰাছা খোলাৰ সপোন কোনেও দেখিব নোৱাৰে

অসমলৈ অহা কংগ্ৰেছৰ পৰ্যবেক্ষক তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙকো সমালোচনা কৰে মন্ত্ৰী ড০ শৰ্মাই।
অসমলৈ অহা কংগ্ৰেছৰ পৰ্যবেক্ষক তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙকো সমালোচনা কৰে মন্ত্ৰী ড০ শৰ্মাই।
- News18 Assam
- Last Updated: November 2, 2020, 6:37 PM IST
বৰছলাৰ ৰাজহুৱা সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য – ‘কোনো কাৰণতে কংগ্ৰেছ -আইইউডিএফৰ চৰকাৰ অসমত নহয়৷ অসমত মাদ্ৰাছা খোলাৰ সপোন আৰু কোনেও দেখিব নোৱাৰে৷ আজমলৰ দিছপুৰ দখলৰ সপোন পূৰ্ণ নহয়৷’
ইফালে, অসমলৈ অহা কংগ্ৰেছৰ পৰ্যবেক্ষক তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙক মন্ত্ৰী ড০ শৰ্মাই চোকা ভাষাৰে সমালোচনা কৰি কয়- কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কৈছে অসমৰ চাহ বাগিচাৰ বিষয়ে বুজিব৷ ৭০বছৰে কংগ্ৰেছে ৰাজত্ব কৰি চাহ বাগিচাৰ বিষয়ে জানিবই পৰা নাছিলানে? বাগিচাত স্কুল নাছিল, পানী নাই, বিদ্যুৎ যোগান নাছিল, এতিয়া তোমালোকে চাহ বাগিচাত নিশা কটাই ঝুমুৰ নৃত্য চাব খুজিছা, নে চাহ শ্ৰমিকৰ বেদনা চাব খুজিছা নে ৭০ বছৰে গান্ধী পৰিয়ালৰ ব্যৰ্থতা চাব খুজিছা৷ ৭০বছৰে চাহ বাগিচাৰ মানুহে কংগ্ৰেছক ভোট দি কেবল প্ৰতাৰণা পালে৷ আজি কংগ্ৰেছে বাগানত টুৰিজম গঢ়িব আহিছে৷ বাগিচাৰ মানুহক টুৰিষ্ট নালাগে৷ বাগানৰ মানুহৰ কোনোবা দিল্লীৰ পৰা অহা মানুহৰ চেহেৰা চাবলৈ প্ৰয়োজন নাই৷ বাগানৰ মানুহৰ এতিয়া বিকাশ লাগে৷ কংগ্ৰেছে অসমত একো কৰিব পৰা নাই বেলেগ কথা, অসমৰ মানুহক অপমান কৰাৰ কংগ্ৰেছে ধৃষ্টতা নকৰিব৷ কংগ্ৰেছে কেবল ধুতি–লুঙী দি অসমৰ ৰাইজক নচুৱাই আছিল৷ ধুতি–লুঙীৰ বাবে এসময়ত লাগিছিল দৌৰা–দৌৰি৷ আজি আমি ধুতি–লুঙীৰ ৰাজনীতিৰ পৰা আঁতৰি আহিলো৷ আজি আমি নতুন দিনৰ উজ্বল পোহৰ দেখিলো। বিজেপিয়ে ৰাইজৰ উন্নয়ন কৰি মানুহৰ অন্তৰত থাকিব বিচাৰিছে৷ ধুতি–লুঙী দি কংগ্ৰেছে মৰম কিনিব খুজিছে৷ আমি উন্নয়ন কৰি ৰাইজৰ মৰম বিচাৰিছো৷ উল্লেখ্য যে ঢেকিয়াজুলি আৰু বৰছলা সমষ্টিত সোমবাৰে মন্ত্ৰী ড০ শৰ্মাই বহুকেইটা আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷